অসম

assam

By

Published : Feb 26, 2022, 10:40 AM IST

ETV Bharat / bharat

Russia Ukraine war:ভাৰতীয়ক উদ্ধাৰৰ বাবে ৰোমানিয়া আৰু হাংগেৰীলৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে টাটা গ্ৰুপৰ নেতৃত্বত থকা এয়াৰ ইণ্ডিয়াই আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে ৰোমানিয়া আৰু হাংগেৰীলৈ দুখন বিমান পৰিচালনা কৰিব (Air India operations to rescue Indians stranded in Ukraine)। শনিবাৰে দিল্লীৰ পৰা ৰাওনা হ'ব বিমান দুখন ।

Russia Ukraine war
ৰোমানিয়া আৰু হাংগেৰীলৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী :ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে (Russia-Ukraine war)। ইউক্ৰেইনৰ বিভিন্ন স্থানত ৰাছিয়াৰ সেনা বাহিনীয়ে ইতিমধ্যে আক্ৰমণ কৰাৰ লগতে তেওঁলোকৰ দখললৈ আনিবলৈ সক্ষম হৈছে । ইফালে ৰাছিয়াৰ এনে আক্ৰমণক লৈ সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হোৱা দেখা গৈছে । ইউকে (UK), আমেৰিকা যুক্তৰাষ্ট্ৰ (USA), কানাডা আৰু ইউৰোপীয় ইউনিয়নকে ধৰি কেইবাখনো দেশে ৰাছিয়াৰ সামৰিক অভিযানক গৰিহণা দিছে আৰু মস্কোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

ইউক্ৰেইনৰ সংকটৰ মাজতে তাত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে দেশলৈ ঘূৰাই অনাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰখা হৈছে । ইতিমধ্যে এয়াৰ ইণ্ডিয়াকে ধৰি কেইবাটাও বিমান সেৱা সংস্থাই বিশেষ বিমান পৰিচালনা কৰি আছে । ইয়াৰ মাজতে এয়াৰ ইণ্ডিয়াই ঘোষণা কৰা মতে এয়াৰ লিফ্টৰ (Airlift) বাবে শনিবাৰে পুনৰ দুখন বিমান প্ৰেৰণ কৰিব (Air India operations to rescue Indians stranded in Ukraine)।

দিল্লীৰ পৰা বুখাৰেষ্ট (ৰোমানিয়া) আৰু বুদাপেষ্ট (হাংগেৰী)লৈ দুখন বিমান পৰিচালনা কৰিব এয়াৰ ইণ্ডিয়াই । ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত এই ঘোষণা কৰিছে এয়াৰ ইণ্ডিয়াই । এয়াৰ ইণ্ডিয়াই লগতে কয় যে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে অধিক বিমান পৰিচালনা কৰিব এয়াৰ ইণ্ডিয়াই ।

লগতে পঢ়ক :Russia Ukraine war: যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাঁহাকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details