অসম

assam

সম্পূৰ্ণ টীকাকৰণ কৰা কৰ্মীৰে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ

By

Published : Jun 19, 2021, 8:09 AM IST

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ(Air India Express) সম্পূৰ্ণৰূপে ক’ভিড 19ৰ প্ৰতিষেধক গ্ৰহণ কৰা কৰ্মী(Covid-19 vaccinated crew)ৰ সৈতে পৰিচালনা কৰা দেশৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান হিচাপে পৰিগণিত হয় । এই বিমানখন ১৮ জুনত দিল্লীৰ পৰা ডুবাইলৈ পৰিচালনা কৰা হয় ।

Air India Express operates India's 1st international flight with fully vaccinated crew
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে সম্পূৰ্ণটিকাকৰণ কৰা কৰ্মচাৰীৰ সৈতে ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰে

নেশ্যনেল ডেস্ক, 19 জুন :এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে(Air India Express) শুকুৰবাৰে সম্পূৰ্ণ ক’ভিড 19ৰ প্ৰতিষেধক গ্ৰহণ কৰা কৰ্মী(Covid-19 vaccinated crew)ৰ সৈতে ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰে৷ The flight IX, 191 বিমানখনৰ পাইলট আৰু সকলো কৰ্মচাৰীক কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে ক’ভিড 19ৰ দুয়োটা পালি প্ৰতিষেধক(Covid Vaccine) প্ৰদান কৰি দিল্লীৰ পৰা ডুবাইলৈ পৰিচালনা কৰা হয় ।

এয়াৰলাইনৰ এক বিজ্ঞাপনত প্ৰকাশ পোৱা মতে, "ভাৰতৰ আগশাৰীৰ বাজেট কেৰিয়াৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে(Air India Express) ১৮ জুনত দিল্লী-ডুবাই খণ্ডত সম্পূৰ্ণ টীকাকৰণ কৰা কৰ্মচাৰীৰ সৈতে দেশৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান(first international flight) পৰিচালনা কৰে । পুৱা ১০:৪০ বজাত দিল্লীৰ পৰা উৰা মৰা The flight IX, 191 বিমানখনৰ পাইলট আৰু কেবিন ক্ৰুসকলে তেওঁলোকৰ ক’ভিড ১৯ প্ৰতিষেধকৰ দুয়োটা পালি লাভ কৰিছিল ৷"

ইয়াৰ লগতে "কেপ্টেইন ডিআৰ গুপ্তা আৰু কেপ্টেইন আলোক কুমাৰ নায়কে কেবিন ক্ৰুৰ সদস্য ভেংকট কেল্লা, প্ৰবীণ চন্দ্ৰ, প্ৰবীণ চৌগল আৰু মনীষা কাম্বলেৰ সৈতে বিমানখন পৰিচালনা কৰে । আনহাতে, বিমানখনৰ এই কৰ্মচাৰীসকলে IX 196 উভতি অহা ডুবাই-জয়পুৰ-দিল্লী খণ্ড বিমানখনো পৰিচালনা কৰে ," বুলি উল্লেখ কৰে ।

এয়াৰলাইনে বিমানখনৰ কৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰাৰ ক্ষেত্ৰত কয় যে, তেওঁলোকে প্ৰায় সকলো ক্ৰু সদস্য আৰু ফ্ৰণ্টলাইন কৰ্মচাৰীক কেৱল তেওঁলোকৰ সুৰক্ষা আৰু স্বাস্থ্য নিশ্চিত কৰাৰ বাবেই নহয় কিন্তু বিমানখনত যাত্ৰা কৰা যাত্ৰীসকলেও যাতে তেওঁলোকৰ সৈতে উৰা মাৰিবলৈ সুৰক্ষিত আৰু আশ্বস্ত অনুভৱ কৰে তাৰ বাবে টীকাকৰণ কৰিছে ।

"যেতিয়া আমি সম্পূৰ্ণ টীকাকৰণ কৰা কৰ্মচাৰীৰ সৈতে দেশৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰো ইয়াৰ লগতে এই কথা উল্লেখ কৰিবই লাগিব যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে(Air India Express) ভাৰতৰ প্ৰথম বন্দে ভাৰত মিছন (ভিবিএম) বিমান পৰিচালনা কৰিছিল যিয়ে ৭ মে'ত আবু দাবিৰ পৰা কঢ়িয়াই অনা যাত্ৰীয়ে প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটি স্পৰ্শ কৰিছিল । আমি সুখী যে এতিয়া আমাৰ সকলো কমৰ্চাৰীকে কৰ’ণা প্ৰতিষেধক প্ৰদান কৰি সুৰক্ষিত কৰা হৈছে", বুলিও এয়াৰলাইনটোৱে উল্লেখ কৰে ।

বিগত বছৰ ক’ভিড 19 ৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিশ্বৰ সৰ্ববৃহৎ অসামৰিক স্থানান্তৰ অনুশীলন বন্দে ভাৰত মিছনৰ অংশ হৈ আছে । বিগত মাহলৈকে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে(Air India Express) মুঠ ১.৬৩ নিযুত যাত্ৰী কঢ়িয়াই অনা ৭০০৫ খন ভিবিএম বিমান পৰিচালনা কৰে ।

লগতে পঢ়ক : মোদীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ উৰিল সোণোৱাল

ABOUT THE AUTHOR

...view details