অসম

assam

ETV Bharat / bharat

চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৃত্যু এয়াৰ ইণ্ডিয়া কৰ্মচাৰীৰ - কৰ্তব্যৰত অৱস্থাতে সংজ্ঞা হেৰুৱাই নিহত এয়াৰ ইণ্ডিয়া কৰ্মচাৰী পশুপতি ৰাজন

নিশা চিকাগৰ পৰা চেন্নাই হৈ দিল্লী অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনত কৰ্তব্যৰত অৱস্থাতে সংজ্ঞা হেৰুৱাই নিহত এয়াৰ ইণ্ডিয়া কৰ্মচাৰী পশুপতি ৰাজন ।

চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৃত্যু এয়াৰ ইণ্ডিয়া কৰ্মচাৰীৰ
চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৃত্যু এয়াৰ ইণ্ডিয়া কৰ্মচাৰীৰ

By

Published : Jan 20, 2021, 7:24 PM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী: চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেত মৃত্যু এয়াৰ ইণ্ডিয়া কৰ্মচাৰীৰ । কৰ্তব্যৰত অৱস্থাত মৃত্যু কৰ্মচাৰীগৰাকীৰ । নিহত কৰ্মচাৰীগৰাকী পশুপতি ৰাজন (৫৭) । এয়াৰ ইণ্ডিয়া কাৰ্যালয়ৰ বাণিজ্যিক বিভাগৰ কৰ্মচাৰী আছিল পশুপতি ৰাজন ।

ঘটনা অনুসৰি, যোৱা নিশা চিকাগৰ পৰা চেন্নাই হৈ দিল্লী অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনত কৰ্তব্যৰত অৱস্থাতে সংজ্ঞা হেৰুৱাই পেলায় । তাৰ পাচত লগে লগে তেওঁৰ সহযোগীসকলে চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হোৱা বুলি ঘোষণা কৰে ।

ইফালে এই ঘটনাৰ পাচত যাত্ৰা কৰিবলগীয়া বিমানখন বিমানবন্দৰত ৰখাই থোৱা হয় ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে চেন্নাইৰ ক্ৰমপেটস্থিত চৰকাৰী চিকিৎসালয়লৈ তেওঁৰ মৃতদেহ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক:হাওৰা কালকা মেইলক 'নেতাজী এক্সপ্ৰেছ' নামেৰে নামাকৰণ

ABOUT THE AUTHOR

...view details