নেশ্যনেল ডেস্ক, 4 মে': কৰ'ণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতীয় বায়ু সেনাৰ (আইএএফ) চি-17 বিমানখনে সোমবাৰে জাৰ্মানীৰ ফ্ৰাংকফুর্টৰ পৰা হিন্দনলৈ 4 টা খালী ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ লৈ উভতি আহে ৷ ভাৰতীয় বায়ু সেনা বিভাগে জনোৱা মতে, ইংলেণ্ডৰ ব্ৰিজ নৰ্টনৰ পৰা চেন্নাইলৈ মুঠ 900 টা অক্সিজেন চিলিণ্ডাৰ অনাৰ বাবে ইতিমধ্যে সকলো কাম সম্পন্ন কৰা হৈছে ৷
ইয়াৰ লগতে, বায়ু সেনাৰ চি-17 বিমানেৰে হায়দৰাবাদৰ পৰা ভূৱনেশ্বৰলৈ 8 টা অক্সিজেন কন্টেইনাৰ কঢ়িয়াই নিয়া হৈছে ৷ ইয়াৰে বিজয়াড়াৰ, য়েলাহাংকা, হিন্দন আৰু ভুৱনেশ্বৰলৈ 2 টাকৈ কন্টেইনাৰ প্ৰেৰণ কৰা হ'ব ৷