নেশ্যনেল ডেস্ক, 8 জুন :ৰাজধানী লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুধবাৰে নিশা ৮:২০ বজাত হঠাতে লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী এয়াৰ এছিয়াৰ বিমানখনৰ হাইড্ৰ’লিক পাইপ ফাটি যায় । ৰাণৱেত ছিটিকি পৰিল হাইড্ৰ’লিক তেল । তাৰ পিচতে সকলো যাত্ৰীক বিমানৰ পৰা নমাই দিয়া হয় । বিমানখনত হঠাৎ হোৱা উক্ত ঘটনাৰ বাবে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় (Hydraulic pipe of plane burst in Lucknow) ।
ঘটনাৰ পিচতে সকলো যাত্ৰীক বিমানখনৰ পৰা নমাই দিয়া হৈছিল । এয়াৰ এছিয়াই যাত্ৰীসকলৰ সন্মুখত দুটা বিকল্প ৰাখিছিল, হয় তেওঁলোকৰ তেওঁলোকৰ ধন ঘূৰাই লওক নতুবা পুৱা দিল্লীলৈ যোৱা বিমানত তেওঁলোকৰ আসন বুক কৰক । হাইড্ৰ’লিক পাইপ ভাঙি যোৱা আৰু টাৰ্মাকত হাইড্ৰ’লিক তেল পৰি যোৱাৰ ফলত লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিল্লী অভিমুখী এয়াৰ এছিয়াৰ বিমান আই ৫৩৩০ চূড়ান্ত পৰ্যায়ত বাতিল কৰা হৈছিল ৷
বিমান কৰ্তৃপক্ষই যাত্ৰীসকলক টিকটৰ পইচা ঘূৰাই দিয়াৰ লগতে পিচদিনা পুৱা দিল্লীলৈ যোৱা পৰৱৰ্তী বিমানৰ টিকট বুকিং কৰাৰ বিকল্প প্ৰদান কৰে । পাইপ ফাটি যোৱাৰ ফলত এয়াৰ এছিয়াৰ বিমানখন বাতিল কৰা হয় । বিমান সংস্থাটোৰ টেকনিচিয়ানে বিমানখন মেৰামতিৰ কাম আৰম্ভ কৰে । এই সময়চোৱাত দিল্লীলৈ যোৱা যাত্ৰীসকলে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল (Chaudhary Charan Singh International Airport) ।
জানুৱাৰী মাহত লক্ষ্ণৌৰ পৰা কলকাতা অভিমুখী এখন বিমানে বিমানবন্দৰৰ পৰা উৰা মৰাৰ লগে লগে বিমানখনত এটা চৰায়ে খুন্দাৰ পিছত লক্ষ্ণৌত জৰুৰী অৱতৰণ কৰে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে, বিমানখনে লক্ষ্ণৌ বিমানবন্দৰত অৱতৰণ কৰিছিল । ক্ৰু সদস্যকে ধৰি বিমানখনত 180 জন যাত্ৰী আছিল । বিমানবন্দৰৰ চাৰিওফালে পানী জমা হোৱা আৰু মাছ-মাংসৰ দোকান নিষিদ্ধ কৰাৰ পিচতো বিমানবন্দৰৰ ৰাণৱেৰ সন্মুখৰ উদ্যোগিক অঞ্চলৰ পৰা ওলাই অহা লেতেৰা পানী এতিয়াও ভৰি আছে । ইয়াৰ কাৰণে বৃহৎ সংখ্যক চৰাই ইফালে সিফালে ঘূৰি ফুৰে । ইয়াৰ লগতে বিমানবন্দৰৰ সমীপৰ বজাৰত মুকলিকৈ মাংস-মাছৰ দোকান স্থাপন কৰা হৈছে । ইয়াৰ বাবেই লক্ষ্ণৌ বিমানবন্দৰত বিমানত চৰাইৰ খুন্দা মৰাৰ সম্ভাৱনা আছে (Air Asia plane hydraulic pipe burst in Lucknow) ।
লগতে পঢ়ক :Manipur update: মণিপুৰত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ