নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী :অহা ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন (UP election 2022)। ৪০৩ টা বিধানসভা সমষ্টিত ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে । বিজেপিকে ধৰি বাকী দলসমূহেও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । ইয়াৰ মাজতে অল ইণ্ডিয়া মজলিচ-ই-ইত্তেহাদুল মুছলিমিন (AIMIM) দলে প্ৰকাশ কৰিলে ষষ্ঠখন প্ৰাৰ্থী তালিকা (AIMIM party released sixth candidates list)।
বুধবাৰে নিশা আঠগৰাকী প্ৰাৰ্থীৰ সৈতে এই তালিকা প্ৰকাশ কৰে দলটোৱে । ইয়াৰ দ্বাৰা আগন্তুক নিৰ্বাচনৰ বাবে AIMIM ৰ প্ৰাৰ্থীৰ সংখ্যা ৪১ লৈ বৃদ্ধি হৈছে ।হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেচিৰ দলে ৪০৩ খন আসনতে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বাবু সিং কুশৱাহাৰ 'জনধিকাৰ পাৰ্টী' আৰু ৱামান মেশ্ৰামৰ নেতৃত্বৰ ভাৰত মূল নিৱাসী সংঘ (BAMSEF)ৰ সৈতে AIMIM মিত্ৰতা স্থাপন কৰিছে । তিনিওটা ৰাজনৈতিক দলে ভাগীদাৰী পৰিৱৰ্তন মৰ্চাৰ অধীনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ।