লেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ:লোকসভাত বিএছপিৰ সাংসদ দানিশ আলীক লক্ষ্য কৰি বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কৰা আপত্তিজনক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে AIMIM শীৰ্ষ আছাদুদ্দিন ওৱেইচিয়ে ৷ ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বীক সমালোচনা কৰি দেওবাৰে AIMIMৰ মুৰব্বীগৰাকীয়ে সংসদত এজন মুছলমান সাংসদ গণ প্ৰহাৰৰ বলি হ’বলগীয়া দিনটো বহু দূৰত নহয় বুলি কয় । দেওবাৰে সাংসদগৰাকীয়ে তেওঁৰ সংসদীয় সমষ্টি হায়দৰাবাদত ৰাজহুৱা সভা এখনত এই মন্তব্য আগবঢ়ায় ।
AIMIM শীৰ্ষগৰাকীয়ে কয়, "আমি দেখিছোঁ যে বিজেপিৰ এজন সাংসদে সংসদত এজন মুছলমান সাংসদক গালি-গালাজ কৰিছে । সকলোৱে কৈছে যে এনে বক্তব্য সংসদত উল্লেখ কৰাটো অনুচিত । এইজনেই হ’ল জনতাৰ ভোটেৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধি । এদিন দেশৰ সংসদত এজন মুছলমান সাংসদ গণ প্ৰহাৰৰ বলি হোৱা দিনটো দূৰ নহয় ৷"
উল্লেখ্য যে, বহুজন সমাজ পাৰ্টিৰ সাংসদ দানিশ আলীৰ বিৰুদ্ধে ৰমেশ বিধুৰীয়ে কৰা আপত্তিজনক মন্তব্যই বিৰোধী দলসমূহৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে, বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সকলোৱে । অধ্যক্ষই এই বিষয়ত তদন্ত নকৰিলে সাংসদ পদ ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আলীয়ে ।