অসম

assam

ETV Bharat / bharat

তেলেংগানাত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ দায়িত্ব কংগ্ৰেছ সভাপতিৰ; ডি কে শিৱকুমাৰ - Telangana elections 2023

তেলেংগানাত বিধায়কসকলে চিএলপি নেতা বাছনি কৰাৰ দায়িত্ব এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক দিয়া উচিত বুলি পোষকতা কৰিছে । ডি কে শিৱকুমাৰে কয় যে বিধায়কসকলে প্ৰস্তাৱত কয় যে তেওঁলোকে খাৰ্গেৰ সিদ্ধান্ত মানি চলিব ।

congress wins Telangana elections 2023
তেলেংগানাত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ দায়িত্ব কংগ্ৰেছ সভাপতিৰ

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 3:44 PM IST

নিউজ ডেস্ক, ৪ ডিচেম্বৰ :তেলেংগানাত কংগ্ৰেছে শাসনৰ বাঘজৰী হাতত লৈছে যদিও এতিয়াও বিধায়িনী দলৰ নেতা নিৰ্বাচন হোৱা নাই । যাৰ বাবে দলটোৰ বিধায়কসকলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ দায়িত্ব দলটোৰ নেতৃত্বৰ ওপৰত এৰি দিয়াৰ সিদ্ধান্ত লৈছে । এই ক্ষেত্ৰত সকলো বিধায়ক সন্মত হৈছে ।

সোমবাৰে হায়দৰাবাদৰ গাচিবাউলিৰ এখন হোটেলত অনুষ্ঠিত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত সকলো বিজয়ী বিধায়কে অংশগ্ৰহণ কৰে । আনহাতে, এআইচিচিৰ পৰ্যবেক্ষকসকলে চিএলপি নেতা নিৰ্বাচনৰ ক্ষেত্ৰত বিধায়কসকলৰ মতামত সংগ্ৰহ কৰে । বৈঠকৰ পিছত এআইচিচি পৰ্যবেক্ষক আৰু কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে সংবাদ মাধ্যমৰ আগত বৈঠকৰ সবিশেষ উল্লেখ কৰে ।

ডি কে শিৱকুমাৰে কয় যে নিৰ্বাচনত কংগ্ৰেছ দলক ক্ষমতা প্ৰদান কৰা লোকসকলক ধন্যবাদ জনোৱাৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে বৈঠকত চিএলপি নেতা বাছনিৰ ক্ষেত্ৰত বিধায়কসকলৰ মতামত লৈছে । বিধায়কসকলে কয় যে চিএলপি নেতা বাছনি কৰাৰ দায়িত্ব এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক দিয়া উচিত । ডি কে শিৱকুমাৰে কয় যে বিধায়কসকলে প্ৰস্তাৱত কয় যে তেওঁলোকে খাৰ্গেৰ সিদ্ধান্ত মানি চলিব ।

উল্লেখ্য যে চিএলপিৰ বৈঠক প্ৰায় এঘণ্টা ধৰি চলে । দীপদাস মুন্সি, জৰ্জ, অজয়, মুৰলীধৰণে ডি কে শিৱকুমাৰৰ সৈতে এআইচিচি পৰ্যবেক্ষক হিচাপে এই বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকত ৰাজ্যিক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া মাণিক ৰাও থাকৰে, তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডী, ভাট্টি বিক্ৰমাৰ্কা, উত্তমকুমাৰ ৰেড্ডী, কোমাটি ৰেড্ডী ভেংকটা ৰেড্ডী, দামোদৰা ৰাজনৰসিংহৰ লগতে বহু জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :মিজোৰামৰ এমএনএফৰ দুৰ্গত মোক্ষম আঘাত, সন্মান ৰক্ষা কৰিবলৈ সক্ষম নহ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা

ABOUT THE AUTHOR

...view details