নেশ্যনেলডেস্ক,2 নৱেম্বৰ: এয়াৰ ইণ্ডিয়াৰ পাইলত ইউনিয়নে আকৌ এবাৰ কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ প্ৰেৰণ ৷ এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাৰ অতিৰিক্ত দৰমহা কৰ্তনৰ পৰ্যালোচনা কৰাৰ বাবে এক জৰুৰী সভাৰ আয়োজন কৰাৰ বাবে আহ্বান জনাইছে ৷ সোমবাৰে কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীলৈ এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাৰ এক যৌথ পত্ৰ প্ৰেৰণ কৰে ৷ পত্ৰত ইণ্ডিয়ান পাইলত গিল্ড আৰু ইণ্ডিয়ান কমাৰ্চিয়েল পাইলত এচোচিয়েচনে কয় যে,আমি আমাৰ প্ৰাপ্যৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা, চিকিৎসাৰ উপযুক্ত সুবিধাৰ বাবে যুঁজ দিবলগীয়া হৈছে ৷ বৈষম্যমূলক ভাৱে আমাৰ বেতন কৰ্তন কৰা হৈছে ৷ আন আন কোম্পানী সমূহে তেওঁলোকৰ পাইলট সকলৰ বাবে ক'ভিড সুৰক্ষাৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু এয়াৰ ইণ্ডিয়াৰ পাইলত সকলৰ ক্ষেত্ৰত তাৰ ওলোটাহে হৈছে ৷ বিমান চলাচলৰ হাৰ আগতকৈ বৃদ্ধি হৈছে ৷ তাৰ পাছতো পাইলটসকলৰ ক্ষেত্ৰত বৈষম্যমূলক ভাৱে বেতন কৰ্তন কৰি আছে ৷
শেহতীয়াভাৱে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ এয়াৰ লাইন ইণ্ডিগ'ই পাইলট সকলক জুলাই মাহত দহ দিনৰ ছুটি আৰু নৱেম্বৰ মাহত তিনি দিনৰ ছুটি দিছে ৷ সেয়াও কোনো বেতন কৰ্তন নকৰাকৈ ৷ পাচ বছৰলৈকে 25% বেতন কৰ্তন কৰাৰ সিদ্ধান্তক চৰকাৰে বেআইনী বুলি ঘোষনা কৰিছে ৷ কিন্তু 2020 চনৰ এপ্ৰিল মাহলৈ অতিৰিক্ত 60% ধন কৰ্তন কৰিছে ৷ এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাই কয় যে, আমাৰ লগত আপোনালোকে সোনকালে এখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনালো ৷ নিপীড়নৰ বিপক্ষে আমাক এক স্থায়ী সিদ্ধান্তত উপনীত কৰিব বুলি আশাবাদী ৷