অসম

assam

ETV Bharat / bharat

আহমেদ পেটেল : কংগ্ৰেছৰ এগৰাকী সুদৃঢ় স্তম্ভ - স্তম্ভ

গুজৰাটৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰয়াত আহমেদ পেটেলৰ জীৱন পৰিক্ৰমা সম্পৰ্কে এক চমু প্ৰতিবেদন...

Ahmed Patel: A staunch pillar of the Congress
আহমেদ পেটেল : কংগ্ৰেছ দলৰ এগৰাকী সুদৃঢ় স্তম্ভ

By

Published : Nov 25, 2020, 8:54 AM IST

Updated : Nov 25, 2020, 11:06 AM IST

নিউজ ডেস্ক,25 নৱেম্বৰ : আহমেদ ভাই মহম্মদভাই পেটেল অৰ্থাৎ আহমেদ পেটেলে 1949 চনৰ 21 আগষ্টত গুজৰাটৰ ভাৰুচত জন্মগ্ৰহণ কৰিছিল ৷ পেটেল বীৰ নৰ্মদ দক্ষিণ গুজৰাট বিশ্ববিদ্য়ালৰ প্ৰাক্তন ছাত্ৰ আছিল ৷

1976 চনত গুজৰাটৰ ভাৰুচ জিলাত স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পাচৰ পৰাই ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰয়াত আহমেদ পেটেলে ৷ 1985 চনত তেওঁ সেই সময়ৰ তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷

উল্লেখ্য যে, চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ হেতু নৰ্মদা প্ৰৱন্ধন প্ৰাধিকৰণ স্থাপনৰ ক্ষেত্ৰত সক্ৰিয় অংশ লৈছিল আহমেদ পেটেলে ৷ 1988 চনত তেওঁ জৱাহৰ ভৱন ট্ৰাষ্টৰ সচিবৰ লগতে তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে নতুন দিল্লীৰ ৰায়চীনা ৰোডত জৱাহৰ ভৱন নিৰ্মাণৰ ক্ষেত্ৰত আগভাগ লৈছিল ৷

এবছৰৰ ভিতৰতে সফলপূৰ্বকভাৱে জৱাহৰ ভৱন নিৰ্মাণ কৰাৰ পাচত তেওঁ ভৱনত কম্পিুটাৰ, টেলিফোন আৰু বৈদ্যুতিক সামগ্ৰী যোগীন ধৰে ৷ 2005 চনত আহমেদ পেটেলে ভাৰুচ জিলাৰ লগতে গুজৰাটৰ পাঁচখন জিলাত বৈদ্যুতিক ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ যোজনা আঁচনি প্ৰয়োগ কৰে ৷

ইয়াৰোপৰি তেওঁ ভাৰুচ আৰু অংকলেশ্বৰ চহৰত সংলগ্ন কৰিব পৰাকৈ চৰ্দাৰ পেটেল দলঙৰ নিৰ্মাণ কৰে ৷ তাৰ পাচতে ৰাজ্যসভাত চতুৰ্থবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হয় আহমেদ পেটেলৰ নাম ৷

অৱশ্যে ছোনিয়া গান্ধীৰ ৰাজনৈতিক পৰিকল্পনাত 14 আৰু 15 সংখ্যক লোকসভা নিৰ্বাচনৰ পৰা বাহিৰ কৰা হৈছিল পেটেলৰ নাম ৷ গুজৰাটত লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা এহছান জাফৰী পাচত আহমেদ পেটেল একমাত্ৰ দ্বিতীয় গৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আছিল ৷

2004 আৰু 2014 চনত কংগ্ৰেছৰ শাসনৰ সময়ত পেটেল চৰকাৰ আৰু দলৰ মাজত পেটেলে এগৰাকী সমস্যা সমাধানকাৰী, সমন্বয়কাৰী আৰু অনুবাদকৰ মুখ্য ভুমিকা পালন কৰিছিল ৷

2017 চনত তেওঁক পুনৰ ৰাজ্যসভাৰ সাংসদৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ ৰাজনীতিৰ ক্ষেত্ৰৰ বাহিৰেও তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ সহযোগী আছিল ৷

1976 চনত আহমেদ পেটেলে মেনোমা আহমেদ পেটেলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৷ পেটেলৰ মুমতাজ পেটেল নামৰ এগৰাকী কন্যা সন্তান আৰু ফেইজল পেটেল নামৰ পুত্ৰ সন্তান আছে ৷ প্ৰয়াত আহমেদ পেটেলে সদায় এটি নিম্নমানদণ্ডৰ পৰিচয় বজাই ৰাখি প্ৰায় সংবাদ মাধ্যমৰ পৰা এৰাই চলিছিল ৷

আহমেদ পেটেলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে পি চিদাম্বৰম, দিগবিজয় সিং, অভিষেক মনু সিংভী আৰু মনীষ তিৱাৰীসহ বহু কংগ্ৰেছী নেতাই ৷

কংগ্ৰছ দললৈ আহমেদ পেটেলে আগবঢ়োৱা অৱদান কেতিয়াও পাহৰিব নোৱাৰি ৷ কংগ্ৰেছ নেতাসকলে টুইটযোগে প্ৰয়াত পেটেলৰ অৱদানক সুঁৱৰি শোক প্ৰকাশ কৰে ৷

এই ঘটনাৰ পাচতে কংগ্ৰেছ প্ৰৱক্তা অভিষেক মনু সিংভীয়ে সকলোকে ক’ভিড-19ৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ কিয়নো গুৰুগ্ৰাম হাস্পতালত ক’ভিড-19ৰ চিকিৎসা চলি থকাৰ সময়তে বুধবাৰে 71 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলে ৷

লগতে পঢ়ক :আহি আছে নিভাৰ : তামিলনাডুত সতৰ্কতা জাৰী !

Last Updated : Nov 25, 2020, 11:06 AM IST

ABOUT THE AUTHOR

...view details