নিউজ ডেস্ক, ৩০ জানুৱাৰী :গোৰখনাথ মন্দিৰ আক্ৰমণৰ দোষী মুর্তাজা আব্বাচীক মৃত্যুদণ্ডৰ ৰায় লক্ষ্ণৌৰ বিশেষ নিয়া আদালতৰ (NIA court) । যোৱা বছৰ এপ্রিলত উত্তৰ প্রদেশৰ গোৰখনাথ মন্দিৰত মোতায়েন হৈ থকা নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি চোকা অস্ত্রৰে আক্ৰমণ চলাইছিল মুর্তাজাই । পেছাত তেওঁ এগৰাকী কেমিকেল ইঞ্জিনিয়াৰ (Death sentance to Gorakhnath temple attacker) ।
যোৱা শনিবাৰে গোৰখনাথ আক্ৰমণত মুর্তাজাক দোষী সাব্যস্ত কৰে লক্ষ্ণৌৰ বিশেষ আদালতে (Gorakhnath Temple attack accused Abbasi) । এফআইআৰত কোৱা হৈছিল, বিগত বছৰৰ ৩ এপ্রিলত জোৰপূৰ্বক গোৰখনাথ মন্দিৰত প্রবেশৰ চেষ্টা কৰিছিল মুর্তাজাই । তেওঁক বাধা দিয়াত নিৰাপত্তাৰক্ষীসকলক চোকা অস্ত্রৰে আক্রমণ কৰে । উক্ত ঘটনাত আহত হয় দুজন আৰক্ষী (NIA court in Lucknow sentenced Abbasi to death) । ঘটনাৰ তদন্ত আৰম্ভ কৰে উত্তৰ প্রদেশৰ সন্ত্রাসবাদ দমন শাখা (ATS) ।
উত্তৰ প্রদেশ আৰক্ষীৰ সহকাৰী সঞ্চালক প্ৰধান (এডিজি, আইন-শৃঙ্খলা) প্রশান্ত কুমাৰে জনাইছে, ভাৰতীয় দণ্ডবিধিৰ ১২১ ধাৰাত মুর্তাজাক মৃত্যুদণ্ড দিয়া হৈছে । সন্ত্রাস বিয়পোৱাৰ বাবেই মুর্তাজাই আক্ৰমণ চলাইছিল বুলিও তেওঁ জনাইছে । আৰক্ষীৰ ওপৰত আক্রমণৰ দোষত ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰাত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল ।