ইণ্টাৰনেশ্যনেল ডেস্ক, 19 আগষ্ট:দক্ষিণ আফ্ৰিকাত প্ৰধানমন্ত্ৰী মোদীয়ে ঝি জিনপিঙৰ সৈতে বৈঠকত বহাৰ পূৰ্বে ভাৰত-চীনৰ সমস্যা সমাধানৰ বাবে দুয়োখন দেশে মেজৰ জেনেৰেল পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰে শুকুৰবাৰে ৷ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই অনুষ্ঠানতে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰিব । ইয়াৰ পূৰ্বে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে সামৰিক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল ।
দক্ষিণ আফ্ৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত অনুষ্ঠিত হ’বলগীয়া নিৰ্ধাৰিত বৈঠকৰ পূৰ্বে ভাৰত আৰু চীনৰ সেনাই মেজৰ জেনেৰেল পৰ্যায়ত আলোচনাত মিলিত হয় । পূব লাডাখত চলি থকা অচলাৱস্থাৰ সমাধানৰ বাবে দৌলাত বেগ অল্ডি আৰু চুশুলত সামৰিক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয় ।
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাটামেলা চাইৰিল ৰামাফোছাৰ আমন্ত্ৰণত অনুষ্ঠিত হ’বলগীয়া 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ 22 আগষ্টৰ পৰা 24 আগষ্টলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰতিৰক্ষা সূত্ৰই সংস্থাটোক জনোৱা মতে, দুটা স্থানত অনুষ্ঠিত হৈ যোৱা আলোচনাত ভাৰতীয় সেনাক প্ৰতিনিধিত্ব কৰিছিল ত্ৰিশুল ডিভিজন কমাণ্ডাৰ মেজৰ জেনেৰেল পি কে মিশ্ৰ আৰু ইউনিফৰ্ম ফ’ৰ্চ কমাণ্ডাৰ মেজৰ জেনেৰেল হৰিহৰণে ।