নেশ্যনেল ডেস্ক,৬ জুলাই : অহা ২০ জুলাইৰ আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । তাৰ এদিন পূৰ্বে অৰ্থাৎ ১৯ জুলাইত এক সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে । ইফালে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও টুইটযোগে সকলো দলক আইনী ব্যৱসায় আৰু অন্যান্য বিষয়ৰ ওপৰত উৎপাদনশীল আলোচনাত অৰিহণা যোগাবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে ২০ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশন ১১ আগষ্টলৈ চলিব । কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে টুইটত উল্লেখ কৰা মতে ২৩ দিন ধৰি চলিবলগীয়া এই অধিৱেশনত মুঠ ১৭ খন বৈঠক হ'ব । যাৰ বাবে তেওঁ সকলো পক্ষকে অধিৱেশনৰ সময়ত সহযোগিতাৰ বাবে আহ্বান জনায় । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মিনাক্ষী লেখিয়েও সোমবাৰে কয় যে পুৰণি ভৱনটোত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব ।
ইফালে কেন্দ্ৰীয় চৰকাৰে এই অধিৱেশনক লৈ ব্যাপক তৎপৰতা দেখুৱাইছে । আনহাতে বিৰোধী দলবোৰেও বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে । অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰতি লক্ষ্য ৰাখি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ বাবে এই অধিৱেশনত অতি গুৰুত্বপূৰ্ণ হ'ব । বিভিন্ন বিধেয়কৰ জৰিয়তে চৰকাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাব ।