নেশ্যনেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী :অহা ৩ মে'ৰ পৰা আৰম্ভ হ'ব চাৰ ধাম যাত্ৰা । তাৰ প্ৰাকক্ষণত হেলিকপ্টাৰৰ জৰিয়তে দৰ্শন কৰিব বিচৰা ভক্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে মঙলবাৰে ২০২৩ চনৰ হেলিকপ্টাৰ তীৰ্থযাত্ৰা অভিযান পৰিচালনাৰ বাবে এক বিজ্ঞপ্তি জাৰি কৰিছে (DGCA issues circular)। এই বিজ্ঞপ্তিৰ জৰিয়তে হেলিকপ্টাৰ অপাৰেটৰৰ দায়িত্বৰ লগতে সুৰক্ষিত আৰু সুচল হেলিকপ্টাৰ কাৰ্যকলাপ নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট শ্ৰাইন ব'ৰ্ড বা জিলা প্ৰশাসনক কিছুমান নিৰ্দেশনা দিয়া হৈছে (Circular for helicopter pilgrimage operation)।
বিজ্ঞপ্তি অনুসৰি অমৰনাথ, কেদাৰনাথ, চাৰ ধাম, মাতা মাচাইল, মনি মহেশ আদি বিভিন্ন মন্দিৰলৈ তীৰ্থযাত্ৰাৰ বাবে প্ৰতিবছৰে হেলিকপ্টাৰ অভিযান চলোৱা হয় (Helicopter pilgrimage operation)। মাতা বৈষ্ণো দেৱীৰ দৰে মন্দিৰলৈও তীৰ্থযাত্ৰাৰ বাবে বছৰজুৰি একেধৰণৰ অভিযান চলোৱা হয় । হেলিকপ্টাৰ সেৱাসমূহ বিভিন্ন হেলিকপ্টাৰ এনএছঅ'পি (অ-অনুসূচীত অপাৰেটৰ) ধাৰকৰ দ্বাৰা সংশ্লিষ্ট শ্ৰাইন ব'ৰ্ড বা জিলা প্ৰশাসনৰ অধীনত পৰিচালনা কৰা হয় ।
ইয়াৰে বেছিভাগ মন্দিৰ পাহাৰত অৱস্থিত আৰু বিশেষকৈ গৰম আৰু আৰ্দ্ৰ গ্ৰীষ্মৰ মাহবোৰত বতৰৰ অধিক পৰিৱৰ্তন হয় । হঠাতে ডাৱৰ অহা বা বৰষুণ তাৰ ভিতৰত অন্যতম । এই অভিযানবোৰ বিভিন্ন চৰকাৰী বা ব্যক্তিগত মালিকানাধীন হেলিপেডৰ পৰা সংশ্লিষ্ট শ্ৰাইন ব'ৰ্ড বা জিলা প্ৰশাসনৰ দ্বাৰা পৰিচালিত মন্দিৰ হেলিপেডলৈ কৰা হয় ।
হেলিকপ্টাৰ অপাৰেটৰৰ বাবে নিৰ্দেশনাৱলীত থকা বিষয়সমূহ হৈছে, হেলিপেড সুৰক্ষা এলেকা আৱৰি থকাকৈ চিচিটিভি কেমেৰা লগতে টেক-অফ আৰু এপ্ৰোচ ফানেল স্থাপন কৰা (CCTV is must in pilgrimage operation helipad)। বিদ্যুৎ বিভ্ৰাটৰ ফলত ডাটাৰ যিকোনো ক্ষতি নহ'বলৈ এক নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰা । ৰেকৰ্ডৰ তথ্য নিম্নতম ১৪ দিনৰ বাবে ৰক্ষণাবেক্ষণ কৰা আদি ।