অসম

assam

ETV Bharat / bharat

সংযুক্ত হৈ ভাৰত আক্ৰমণৰ পৰিকল্পনা চীন আৰু পাকিস্তানৰঃ স্থলসেনা প্ৰধান - চীন আৰু পাকিস্তান

নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰে ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে ৷ সংবাদমেলত কেবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে স্থলসেনা প্ৰধানগৰাকীয়ে ৷

সংযুক্ত হৈ ভাৰত আক্ৰমণৰ পৰিকল্পনা চীন আৰু পাকিস্তানৰঃ স্থলসেনা প্ৰধান
সংযুক্ত হৈ ভাৰত আক্ৰমণৰ পৰিকল্পনা চীন আৰু পাকিস্তানৰঃ স্থলসেনা প্ৰধান

By

Published : Jan 12, 2021, 3:41 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰী : স্থলসেনা দিৱসৰ পূৰ্বেই সম্বোধন কৰা বাৰ্ষিক সংবাদমেলত স্থলসেনা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে ৷ দিল্লীৰ স্থলসেনা মুখ্যালয়ৰ সভাকক্ষৰ পৰা সম্বোধন কৰা সংবাদমেলত চীন আৰু পাকিস্তানৰ ভূমিকাক লৈ সৰৱ হৈ পৰে স্থলসেনা প্ৰধানগৰাকী ৷

বৰ্তমান সময়ত পাকিস্তান আৰু চীনে যুটীয়াভাৱে ভাৰতৰ ওপৰত ভাবুকি কঢ়িয়াব পাৰে ৷ তেওঁলোকে একেলগে ভাৰতীয় সেনাৰ ওপৰত সামৰিক আৰু অসামৰিক দুইধৰণে আক্ৰমণ সংঘটিত কৰিব পাৰে ৷ কিন্তু ভাৰতীয় সেনাই চীন আৰু পাকিস্তানক প্ৰত্যুত্তৰ দিব পৰাকৈ সম্পূৰ্ণৰূপে সাজু আছে ৷ আনহাতে প্ৰকৃত নিয়ন্ত্ৰণৰেখা সন্দৰ্ভত ভাৰত-চীনৰ মাজত চলি থকা আলোচনাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে ৷

লগতে পঢ়ক :বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

সীমান্তত ভাৰতীয় সেনাই সকলো সুবিধাৰে সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু ইয়াৰ বাবে সেনাই আভ্যন্তৰীণ দায়িত্বৰ পৰা আঁতৰি আহি নিজৰ প্ৰধান দায়িত্ব বাহ্যিক সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈছে ৷ ইয়াৰ বাবে সেনাই ইতিমধ্যেই দুটাকৈ ব্ৰীগেডক আভ্যন্তৰীণ সুৰক্ষাৰ পৰা আঁতৰাই আনি সীমান্তৰ সুৰক্ষাত নিয়োজিত কৰিছে বুলি মন্তব্য কৰে জেনেৰেল নাৰাৱানে ৷ সন্ত্ৰাসবাদমুলক কাৰ্যকলাপ আৰু অন্যান্য সুৰক্ষা তথা নিৰাপত্তাজনিত দিশত উত্তৰ পূৰ্বাঞ্চলকে ধৰি অন্যান্য প্ৰান্তত সেনাৰ পৰিৱৰ্তে অসম ৰাইফলছৰ সৈতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীসমূহক এতিয়াৰে পৰা অধিক হাৰে নিয়োজিত কৰিব বুলি জানিবলৈ দিয়ে সেনাপ্ৰধানগৰাকীয়ে ৷ কিন্তু জম্মু-কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত অহালৈকে তাত সেনাবাহিনীক মোতায়েন কৰি ৰখা হ’ব বুলি কয় স্থলসেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷

আনহাতে চলিত বৰ্ষৰ জুন মাহৰ পৰা আৰম্ভ হ’বলগীয়া আৰ্মি এভিয়েশ্বন ক’ৰত এতিয়াৰে পৰাই মহিলা বিষয়াক পূৰ্ণকালীন বিষয়া হিচাপে নিযুক্তি দিয়াৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ দিয়ে জেনেৰেল নাৰাৱানে ৷ ইতিমধ্যে স্থলসেনাই সেনা আৰক্ষীত মহিলাৰ প্ৰথমটো গোট নিযুক্ত কৰিছে আৰু দ্বিতীয়টো গোটৰ নিযু্ক্তি প্ৰক্ৰিয়া বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছে ৷ চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই সেনা আৰক্ষীত মহিলাৰ দ্বিতীয়টো গোটৰ প্ৰশিক্ষণ আৰম্ভ হ’ব ৷

আনহাতে গালৱান ভেলীৰ সংঘৰ্ষত শ্বহীদ হোৱা সেনা বিষয়াগৰাকীৰ লগতে ছগৰাকী জোৱানক আগন্তুক গণতন্ত্ৰ দিৱসত মৰনোত্তৰভাৱে সামৰিক সন্মান প্ৰদান কৰাৰ বিষয়ে জানিবলৈ দিয়ে স্থলসেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷ এই সন্দৰ্ভত আগন্তুক কিছু দিনৰ ভিতৰতেই প্ৰতিৰক্ষা মন্ত্ৰালয়ে নামসমূহ ঘোষণা কৰিব ৷ ইয়াৰ উপৰিও বিগত বৰ্ষত প্ৰকাশ পোৱা এক প্ৰতিবেদনত স্থলসেনাৰ অধিকাংশ বিষয়া-জোৱানৰ মানসিক স্থিতি অৱসাদপূৰ্ণ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ 6গৰাকীকৈ 2 তাৰকাযুক্ত বিষয়াৰ মৃত্যু হোৱা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে স্থলসেনা প্ৰধানে ৷ তেওঁ কয় যে, এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত কমসংখ্যক নমুনা সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰ পৰিমান আছিল 400 গৰাকী ৷ 99 শতাংশ শুদ্ধতাৰ বাবে 19,000 গৰাকীৰ নমুনা সংগ্ৰহ কৰাটো জৰুৰী আছিল ৷ কিন্তু 400 গৰাকীৰ নমুনা সংগ্ৰহে প্ৰতিবেদনখনৰ স্পষ্টতাক প্ৰমাণ নকৰে ৷

লগতে পঢ়ক :হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

ABOUT THE AUTHOR

...view details