নিউজ ডেস্ক, ৯ জুন : শেহতীয়াভাৱে আগ্ৰাৰ এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে (Agra Crime News) । সিকন্দ্ৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শাস্ত্ৰীপুৰমৰ ভাৱনা এৰোমাৰ এজন জোতা ব্যৱসায়ীৰ পত্নীক ছুৰীকাঘাত কৰি হত্যা কৰা হয় । বৃহস্পতিবাৰে সন্ধিয়া কাক্ৰাইথাৰ পৰা অলপ দূৰৈৰ যমুনাৰ পাৰত থকা বনখণ্ডী মহাদেৱ মন্দিৰৰ ওচৰৰ এখন অৰণ্যত ব্যৱসায়ীগৰাকীৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হয় । মহিলাগৰাকী বুধবাৰে আবেলিৰ পৰা সন্ধানহীন হৈ আছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, জোতা ব্যৱসায়ীজনৰ নাবালিকা কন্যাৰ প্ৰেমিকে এজন বন্ধুৰ সহায়ত মহিলাগৰাকীক হত্যা কৰিছে (Boyfriend Murdered Girlfriend Mother) । উল্লেখ্য, মহিলাগৰাকীয়ে কন্যাৰ ওপৰত নজৰ ৰাখিছিল আৰু প্ৰেমিকক লগ কৰাটো বাৰণ কৰিছিল । যাৰ বাবে অভিযুক্তৰ মহিলাগৰাকীৰ ওপৰত খং উঠে । আনহাতে, নাবালিকাগৰাকীও এই গোচৰটোত সন্দেহৰ আৱৰ্তত আছে ।
শাস্ত্ৰীপুৰমৰ ভাৱনা এৰোমাৰ বাসিন্দা উদিত বাজাজৰ জোতাৰ সূতাৰ ব্যৱসায় আছে (Agra murder case) । বুধবাৰে নিশা উদিত বাজাজে তেওঁৰ পত্নী অঞ্জলি বাজাজ (৪০) সন্ধানহীন হোৱাৰ বিষয়ে সিকন্দ্ৰা আৰক্ষী থানাত অভিযোগ দাখিল কৰে । উদিত বাজাজে আৰক্ষীক কয় যে তেওঁৰ পত্নী অঞ্জলি আবেলি ৩ বজাৰ পৰা কাক্ৰাইথাৰ বনখণ্ডী মহাদেৱ মন্দিৰৰ পৰা সন্ধানহীন হৈ আছিল । যাৰ ফলত আৰক্ষীয়ে নিৰুদ্দেশ হোৱা ব্যক্তিৰ অভিযোগ পঞ্জীয়ন কৰি অঞ্জলিক বিচাৰি আছিল (Minor Daughter Involve in murder case) । বৃহস্পতিবাৰে সন্ধিয়া বনখণ্ডী মহাদেৱ মন্দিৰৰ ওচৰত অঞ্জলিৰ মৃতদেহ উদ্ধাৰ হয় । তেওঁক চোকা অস্ত্ৰেৰে ডিঙি আৰু পেটত আঘাত কৰা হৈছিল ।
সিকন্দ্ৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আনন্দ কুমাৰ শ্বাহীয়ে জনোৱা মতে, কন্যাৰ হোৱাটছএপ মেছেজৰ দ্বাৰা মাতৃক (অঞ্জলি) বনখণ্ডী মহাদেৱ মন্দিৰলৈ মাতিছিল । সেয়ে মাতৃয়েও তেওঁৰ স্বামীক তালৈ মাতে । দুয়ো মন্দিৰৰ ওচৰত উপস্থিত হয় । ইফালে, কন্যাৰ নম্বৰৰ পৰা পিতৃৰ মোবাইলত এটা বাৰ্তা আহিল, "গুৰু কা তালৰ ওচৰলৈ আহক । মই তাত থিয় হৈ আছোঁ । মোক ঘৰত থৈ আহক ।" ফলত পিতৃ উদিত বাজাজে লগে লগে তেওঁৰ পত্নী অঞ্জলিক তাতে এৰি হাইৱে'ৰ ওচৰত অৱস্থিত গুৰু কা তালত উপস্থিত হয় । তাৰ পিছত কন্যাই ফোন কৰি উদিতক কয় যে তেওঁ ইতিমধ্যে ঘৰত গৈ উপস্থিত হৈছে । তাৰ পিছত উদিত মন্দিৰলৈ উভতি আহে । কিন্তু পত্নীক তাত পোৱা নাছিল ।