নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ: দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে ত্ৰিপুৰা(Tripura) ত উপস্থিত হৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ডিভিজনেল ৰে'ল প্ৰৱন্ধক জে এছ লাক্ৰা(JS Lakra) । প্ৰথম দিনটোত তেওঁ আগৰতলাৰ নিচিন্তপুৰ ৰে'লৱে য়াৰ্ড(Nischintapur railway yard) পৰিদৰ্শন কৰে । আগৰতলা-আখাউৰা সংযোগী ৰে'ল প্ৰকল্প(Agartala-Akhaura railway project) সন্দৰ্ভত তেওঁ ই টিভি ভাৰতৰ সাংবদিকৰ আগত কয় যে, এই প্ৰকল্পৰ কাম ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । নিৰ্মাণকাৰ্য সঠিকভাৱে চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
আনহাতে, নিচিন্তপুৰ অঞ্চলতো কাম সঠিকভাৱে চলি থকাক লৈ লাক্ৰাই সন্তুষ্টি ব্যক্ত কৰে । অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, নিচিন্তপুৰ হৈছে এক অতি গুৰুত্বপূৰ্ণ পৰিৱহণ ক্ষেত্ৰ । সেয়ে, নিশ্চিতভাৱে ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য বৃদ্ধি কৰাত সহায়ক হ'ব ।
অঞ্চলটোৰ স্থানীয় লোকসকলক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰি তুলিব । ত্ৰিপুৰাত নতুন ৰে'ল চলাচলৰ আন কোনো পৰিকল্পনা আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, প্ৰয়োজন সাপেক্ষে নিশ্চিতভাৱে ৰে'ল সেৱা বৃদ্ধিৰ কৰাৰ কথা চিন্তা কৰিব বিভাগে ।