আগৰতালা, 23 জুলাই :উত্তৰ প্ৰদেশ আৰু অসম বিধানসভাত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু গো সংৰক্ষণৰ বাবে কাম কৰাৰ ওপৰত তীব্ৰ বিতৰ্ক চলি আছে ৷ একে সময়তে ত্ৰিপুৰাৰ ফতিক ৰয় বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক সুধাংশু দাসেও ব্যক্তিগত সদস্য প্ৰস্তাৱ বা কলিং জাননী( calling attention notice)ৰ জৰিয়তে ত্ৰিপুৰা বিধানসভাৰ আগন্তুক বাৰিষাৰ অধিৱেশনত একেটা বিষয় উত্থাপন কৰিবলৈ সাজু হৈছে । ভাৰতীয় জনতা পাৰ্টি(BJP)ৰ এজন যুৱ নেতা দাসে দেশৰ বৰ্ধিত জনসংখ্যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে জনসংখ্যা সংকটৰ মোকাবিলা কৰিবলৈ আইন থাকিব লাগে ।
গো-সংৰক্ষণ সন্দৰ্ভত তেওঁ কয়, ত্ৰিপুৰাৰ কৌশলগত অৱস্থানৰ বাবে গৰুৰ চোৰাং ব্যৱসায়(Illegal cattle trading) এক ডাঙৰ ভাবুকি হিচাপে সমুখলৈ আহিছে ৷ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অধীনত বাওঁপন্থী শাসনকালত ই অবিৰতভাৱে চলিছিল । আনকি মুকলিকৈ গো-হত্যা(cattle slaughter ) প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা নাছিল ৷ যিটো ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অনুভূতিৰ বিৰোধী ।
তেওঁ কয় যে চৰকাৰে সংখ্যাগৰিষ্ঠ লোকসকলৰ অনুভূতিৰ পক্ষত থিয় দিব লাগিব আৰু এনে ধৰণৰ প্ৰথা প্ৰতিৰোধ কৰিবলৈ আইন প্ৰণয়ন কৰিব লাগি ৷ উনাকোটি জিলাৰ অন্তৰ্গত তেওঁৰ গৃহ সমষ্টিৰ পৰা ফোনযোগে বক্তব্য ৰাখি দাসে কয়, ভাৰত চৰকাৰে সন্মুখীন হোৱা জনসংখ্যা সংকট হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ।