নেশ্যনেল ডেস্ক, 3 জুন: মাতৃৰ পিছত কন্যাৰ আক্ৰান্ত হ'ল ক'ভিডত ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ পিছতেই এইবাৰ কৰ'ণাত আক্ৰান্ত কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধী (Priyanka Gandhi tests Covid positive) ৷ শুকুৰবাৰে টুইটযোগে নেত্ৰীগৰাকীয়ে জনায় "কৰ'ণাৰ সকলো প্ৰট'কল পালন কৰি মই নিজেই ঘৰতে আৱদ্ধ হৈ আছো ৷ যিসকল লোক শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে নেত্ৰীগৰাকীয়ে ৷
বৃহস্পতিবাৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে (Sonia Gandhi tested covid positive)। ইয়াৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে লক্ষ্ণৌৰ পৰা দিল্লীলৈ উভতি আহে ৷ জানিব পৰা মতে ছোনিয়া গান্ধীৰ সংস্পৰ্শলৈ আহিছিল প্ৰিয়ংকা গান্ধী ৷