আগৰতলা, 4 আগষ্ট :মণিপুৰৰ পিচতে এইবাৰ ত্ৰিপুৰাত উত্তপ্ত পৰিস্থিতি ৷ কৰ্ণাটকৰ হিজাব বিতৰ্কৰ পিচতে এইবাৰ ত্রিপুৰাত হিজাব বিতৰ্ক ৷ হিজাবক লৈ শুকুৰবাৰে ত্ৰিপুৰাৰ বিশালগড়ত সংঘটিত হয় লংকাকাণ্ড। শান্তিপূৰ্ণ পৰিৱেশক বিঘ্নিত কৰাৰ প্ৰয়াসৰ অভিযোগ স্থানীয় সচেতন লোকৰ।
ধৰ্মীয় অসহিষ্ণুতাই উত্তপ্ত কৰি তুলিছে বিজেপি শাসিত হাৰিয়ানা ৷ ত্ৰিপুৰাত হিজাব বিতৰ্কক লৈ দুয়োটা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী বিভাজিত হৈ পৰে। দুয়োটা সম্প্ৰদায়ৰ অভিভাৱকে বিষয়টোত হস্তক্ষেপ কৰিছে যদিও এই বিতৰ্কই অনাগত দিনত ভয়ংকৰ ৰূপ ল’ব পাৰে বুলি সচেতন মহলে আশংকা কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি প্ৰথমে বিদ্যালয়ত হিজাব পিন্ধা ছাত্ৰী এগৰাকীক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ কোনো দুষ্কৃতিকাৰীয়ে বিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰক উলিয়াই আনি তীব্ৰভাৱে প্ৰহাৰ কৰে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ সন্মুখতে এই ঘটনা সংঘটিত হয় ৷