নেশ্যনেল ডেস্ক, 17 জুলাই:গুজৰাটত বানৰ প্ৰলয়ংকাৰী ৰূপ ৷ বিগত কেইবাদিনো ধৰি ৰাজ্যখনত মুষলধাৰ বৰষুণৰ হৈ থকাৰ ফলত ৰাজ্যখনৰ কেবাটাও অঞ্চল বানৰ কবলত জুৰুলা হৈছে (Heavy rains in Gujarat) ৷ এতিয়াও দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰৰ বহুতো অঞ্চলত ধাৰাসাৰ বৰষুণ অব্যাহত আছে ৷ বানৰ ফলত চহৰসমূহৰ স্থানীয় ৰাস্তা-ঘাটেই নহয় ৰাষ্ট্ৰীয় ঘাইপথটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত ৱাপী-চিলভাচা 48 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে গাঁতৰে ভৰি পৰিছে (National Highway 48 covered in potholes filled with water)।
ৰাজ্যখনৰ বান প্ৰভাৱিত অঞ্চলৰ পৰা এতিয়ালৈ কমেও 1300 জন লোকক উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ ভিতৰত গুজৰাটৰ নৱছাৰী জিলাৰ পৰা উদ্ধাৰকাৰী দলে এদিনত 811 জন লোকক উদ্ধাৰ কৰে ৷ শনিবাৰে উপকূলৰক্ষী বাহিনী, এনডিআৰএফ আৰু স্থানীয় সাঁতোৰবিদসকলে বানাক্ৰান্তসকলক উদ্ধাৰৰ বাবে এই অভিযান চলায় ৷ এই অভিযানত সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে ৷ নৱছাৰীত প্ৰশাসনৰ তৰফৰ পৰা এনডিআৰএফ আৰু এছডিআৰএফ দল মোতায়েন কৰা হৈছে ৷