নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰী : প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিৰ্দিষ্ট এক সময়ত পছন্দৰ প্ৰাৰ্থীগৰাকীৰ সৈতে মধুৰ ভৱিষ্যতৰ আশাত বিবাহপাশত আৱদ্ধ হয় ৷ কিন্তু কেতিয়াবা বিয়া পাতি বিপদ চপাই লোৱা ঘটনা দেখিছেনে ? অসম্ভৱ যেন লাগিলেও এয়া ঘটিছেই ৷ গুজৰাটৰ পোৰবন্দৰ চহৰৰ এজন ব্যক্তিৰ বাবে বিবাহ হ’লগৈ বৰবিহ ৷ বিয়া পাতি এতিয়া পস্তাব লগীয়া হৈছে ব্যক্তিগৰাকীয়ে ৷
সম্প্ৰতি সকলো ক্ষেত্ৰকে ইণ্টাৰনেটে সামৰি লোৱাত জীৱন সংগী নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো বহু সময়ত সহায় লোৱা হয় ইণ্টাৰনেটৰ ৷ অনলাইন মেট্ৰিমনিয়েল ৱেবছাইট এটাৰ যোগেদি গুজৰাটৰ পোৰবন্দৰত বাস কৰা বিমল কৰিয়া নামৰ আলুৰ ব্যৱসায়ীগৰাকীয়ে বাছনি কৰি উলিয়াইছিল এগৰাকী বিবাহযোগ্য প্ৰাৰ্থী ৷ মহিলা প্ৰাৰ্থীগৰাকী অসমৰ গুৱাহাটী মহানগৰীৰ ৰীতা বুলি সূত্ৰযোগে জানিবলৈ পোৱা গৈছে ৷ অনলাইন মেট্ৰিমনিয়েল ৱেবছাইটটোত ৰীতাই নিজকে এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলা বুলি উল্লেখ কৰিছিল ৷ লগতে সৰুতে বিয়া হোৱা বুলিও উল্লেখ আছিল (Husband cheated by wife in Gujrat ) ৷
২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰীতাক বিয়া কৰাবলৈ আহমেদাবাদলৈ আহে বিমল কৰিয়া । ২০২১ বৰ্ষৰ ১৫ অক্টোবৰৰ দিনা পৰস্পৰে পৰস্পৰৰ সৈতে আৰ্য সমাজৰ নীতি-নিয়মৰ মাজেৰে বিবাহপাশত আৱদ্ধ হয় । বিমলৰ মাকেও পুত্ৰৰ দাম্পত্য জীৱন আৰম্ভ হোৱাত সুখী অনুভৱ কৰে । বিবাহ সম্পন্ন হোৱাৰ ৬ মাহ পিচত এদিন ৰীতাৰ মাকে মাটি সম্বন্ধীয় কোনো মামলা নিষ্পত্তিৰ বাবে জীয়েকক ফোন যোগে গুৱাহাটীলৈ মাতি পঠিয়ায় ৷ বিমলে পত্নী ৰীতাৰ হাতত দি পঠিয়াই ৫০,০০০ টকাৰ এটিএম কাৰ্ড, ১১৫০০ টকাৰ চেমচাং মোবাইল হেণ্ডছেট আৰু জাভালৈ যোৱা বিমানৰ টিকট ৷
পত্নী গুৱাহাটীলৈ অহাৰ পিচত 30 মাৰ্চ পৰ্যন্ত পত্নীৰে সৈতে কোনো যোগাযোগ ঘটা নাছিল বিমলৰ ৷ অৱশ্যে এদিন আকস্মিকভাৱে অহা এটা ফোনে বিমলৰ ভৰিৰ তলৰ মাটি খহায় নিয়াৰ উপক্ৰম কৰিলে ৷ ফোনটো আছিল এগৰাকী অধিবক্তাৰ ৷ ৰীতা দাসে বিমলক এটা গোচৰত ফচোৱাত সেই গোচৰৰ পৰা জামিনত মুকলি হ’বলৈ অধিবক্তাগৰাকীয়ে দুমাহৰ ভিতৰত এক লাখ টকা পঠিয়াবলৈ নিৰ্দেশ দিয়ে ৷ বিমলে উক্ত ধনৰাশি পঠিয়াই দিয়ে অধিবক্তালৈ ৷