চিটাৰা ডেস্ক, ২২ নৱেম্বৰ: নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই কৌতুক শিল্পী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে মুম্বাই হাস্পতাললৈ লৈ প্ৰেৰণ কৰে । শনিবাৰে গাঞ্জা সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ভাৰতী সিঙক আৰু নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই কেইবাঘণ্টা ধৰি জেৰা চলাই হৰ্ষ লিম্বাচিয়াক । দেওবাৰে হৰ্ষক গ্ৰেপ্তাৰ কৰে আৰু দুয়োকে বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ বাবে মুম্বাই হাস্পতাললৈ লৈ যোৱা হৈছে ।
নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই প্ৰকাশ কৰা মতে, ভাৰতী আৰু তেওঁৰ স্বামীয়ে গাঞ্জা সেৱন কৰাৰ কথা স্বীকাৰ কৰিছে। শনিবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ভাৰতী সিঙৰ কাৰ্যালয় আৰু মুম্বাইত থকা বাসগৃহত তালাচী চলায় আৰু দুয়োটা স্থানৰ পৰা ৮৬.৫ গ্ৰাম গাঞ্জা জব্দ কৰে । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই পূৰ্বে খাৰ ডাণ্ডা অঞ্চলত অভিযান চলাই ২১ বছৰীয়া গাঞ্জা সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰীটোৰ পৰা এল এছ ডি ১৫ ব্লট, ৪০ গ্ৰাম গাঞ্জা আৰু নাইট্ৰাজেপাম জব্দ কৰে ।