নিউজ ডেস্ক, 4 ডিচেম্বৰ:আইফোন নিৰ্মাতা কোম্পানী এপলে টুইটাৰত বিজ্ঞাপন আৰম্ভ কৰিছে । ইয়াৰ উপৰিও ই-কমাৰ্চ প্লেটফৰ্ম আমাজনো টুইটাৰলৈ ঘূৰি আহিব পাৰে । দেওবাৰে এক টুইটযোগে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইলন মাস্কে(Elon Mask Tweet) ৷ আমাজনে প্ৰতি বছৰে প্ৰায় ১০ কোটি ডলাৰ (প্ৰায় ৮১৪ কোটি টকা) মূল্যৰ এড মাইক্ৰ’ব্লগিং প্লেটফৰ্মটিত পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । এক প্ৰতিবেদনৰ জৰিয়তে পোহৰলৈ আহিছে এই কথা ।
অৱশ্যে, এই সন্দৰ্ভত এতিয়াও ৰাজহুৱাভাৱে কোম্পানী তিনিটাই কোনো কথা ঘোষণা কৰা নাই । ইলন মাস্ক টুইটাৰৰ মুৰব্বী হোৱাৰ পিছত বহু বিজ্ঞাপনদাতাই মাইক্ৰ’ব্লগিং প্লেটফৰ্মত বিজ্ঞাপন দিয়া বন্ধ কৰি দিছে । এপলৰ পিছত যদি আমাজনেও টুইটাৰলৈ ঘূৰি আহে তেন্তে ইয়াক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বিজ্ঞাপনদাতাৰ মাজত চলি থকা যুদ্ধ হ্ৰাস কৰাৰ লক্ষণ হিচাপে চাব পাৰি ।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে এক বাৰ্তালাপৰ সময়ত মাস্কে কয় যে, এপল হৈছে ছ’চিয়েল মিডিয়া নেটৱৰ্কৰ সৰ্ববৃহৎ বিজ্ঞাপনদাতা । বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীয়ে দুঘণ্টা ধৰি কথা পাতিছিল, যি অনুষ্ঠানত উপস্থিত আছিল ৯০ হাজাৰৰো অধিক দৰ্শক ।
এপলৰ CEOৰ সৈতে বৈঠক
চলিত মাহৰ আৰম্ভণিতে মাস্কে আইফোন নিৰ্মাতা কোম্পানীটোৰ মুখ্য কাৰ্যালয়ত এপলৰ চিইঅ’ টিম কুকক সাক্ষাৎ কৰিছিল । মাস্কে এপল পাৰ্কৰ মুখ্য কাৰ্যালয়ৰ এটা পুখুৰীৰ ভিডিঅ’ টুইটাৰত পোষ্ট কৰে । ইয়াত টুইটাৰ শ্বীফ আৰু এপলৰ শীৰ্ষ কাৰ্যবাহীৰ ছাঁ দেখা যায় । কেইঘণ্টামান লগ পোৱাৰ পিছত মাস্কে কয় যে দুয়োৰে মাজত এক বাৰ্তালাপ হৈছে(Meeting with Apple CEO Elon Mask) ।