অসম

assam

ETV Bharat / bharat

৩০ বছৰৰ পিছত মিজোৰামত উপস্থিত ভাৰতৰ মুখ্য ন্যায়াধীশ

দুদিনীয়া ভ্ৰমণ সূচীৰে মিজোৰামৰ আইজলত উপস্থিত হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ব'বডে । ৩০ বছৰৰ পিছত মিজোৰামলৈ অহা ব'বডেয়ে হৈছে উচ্চতম ন্যায়ালয়ৰ একমাত্ৰ মুখ্য ন্যায়াধীশ ।

৩০ বছৰৰ পিছত মিজোৰামত ভাৰতৰ মুখ্য ন্যায়াধীশ
৩০ বছৰৰ পিছত মিজোৰামত ভাৰতৰ মুখ্য ন্যায়াধীশ

By

Published : Dec 21, 2020, 8:14 PM IST

নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ: সোমবাৰে মিজোৰামৰ আইজলত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ব'বডে । দুদিনীয়া ভ্ৰমণ সূচীৰে আইজললৈ অহা মুখ্য ন্যায়াধীশগৰাকী বৰ্তমান ৰাজভৱনত আছে । সুদীৰ্ঘ ৩০ বছৰৰ পিছত ৰাজ্যখনলৈ অহা তেওঁৱেই হৈছে উচ্চতম ন্যায়ালয়ৰ একমাত্ৰ মুখ্য ন্যায়াধীশ । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জৰামথাংগাৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে মিজোৰামৰ ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে আয়োজন কৰা 'মীট অন গ্ৰীণ মিজোৰাম' শীৰ্ষক অনুষ্ঠানত শৰদ অৰবিন্দ ব'বডেই অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত প্ৰকৃতি প্ৰেমী মুখ্য ন্যায়াধীশগৰাকীয়ে ভাষণ প্ৰদানৰ সময়ত পৰিৱেশ সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা বাবে মিজোৰামৰ ৰাইজৰ শলাগ লয় । প্ৰতি বছৰে সেইজ মিজোৰাম দিৱস উদযাপন কৰি বিশাল বন সুৰক্ষিত কৰি ৰখা আৰু বৃক্ষৰোপণ কৰা কাৰ্যকো প্ৰশংসা কৰে । পৰিৱেশক সুৰক্ষা দিয়াতো মানৱ জাতিৰ অস্তিত্বৰ ৰক্ষাৰ বাবে উত্তম ধৰ্ম । সোমবাৰে ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাইয়ে মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে নৈশ ভোজন গ্ৰহণ কৰিব ।

নৈশ ভোজনৰ সময়ত মিজো সংস্কৃতিও প্ৰদৰ্শন কৰা হ'ব । তেওঁ মঙলবাৰে ৰেইয়েক চহৰলৈ যাব আৰু ক্লীনলিনেছ ড্ৰাইভ উদ্বোধন কৰিব । ইয়াৰ পিছতে ৰেইয়েক পৰ্বতত চাহ মেলত অংশগ্ৰহণ কৰিব । অহা ২৩ ডিচেম্বৰত দিনৰ ১০ বজাত গুৱাহাটীলৈ উভতি আহিব শৰদ অৰবিন্দ ব'বডে ।


লগতে পঢ়ক:নতুন হোটেল উদ্বোধন কৰিলে 'বাবা কা ধাবা'ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদে

ABOUT THE AUTHOR

...view details