অসম

assam

ETV Bharat / bharat

24 বছৰৰ বিচাৰ পিছত 45 টকা চুৰি কৰাৰ গোচৰত চাৰি দিনৰ কাৰাদণ্ড - Accused 4 day jail for stealing Rs 45

বিগত 24 বছৰ ধৰি এজন বৃদ্ধ ব্যক্তিৰ বিৰুদ্ধে 45 টকা চুৰি কৰাৰ গোচৰ ৰুজু কৰা হৈছিল ( Accused 4 day jail for stealing Rs 45)৷ তাৰ পছিতেই চাৰিদিনৰ কাৰণে কাৰাদণ্ড বিহে লোকজনক ৷

After 24 years trial, Mainpuri court sentences accused four day jail term for stealing Rs 45
24 বছৰৰ বিচাৰ পিছত 45 টকা চুৰি কৰাৰ গোচৰত চাৰি দিনৰ কাৰাদণ্ড

By

Published : Oct 4, 2022, 8:46 PM IST

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: উত্তৰ প্ৰদেশৰ ইটাৱাৰত আশ্চৰ্যজনক ঘটনা ৷ বিগত 24 বছৰ ধৰি এজন বৃদ্ধ ব্যক্তিৰ বিৰুদ্ধে 45 টকা চুৰি কৰাৰ গোচৰ ৰুজু কৰা হৈছিল (Accused 4 day jail for stealing Rs 45)৷ তাৰ পছিতেই চাৰিদিনৰ কাৰণে কাৰাদণ্ড বিহে লোকজনক ৷

ঘটনা অনুসৰি 1998 চনত এজন ব্যক্তিৰ পৰা 45 টকা চুৰি কৰিছিল বৃদ্ধ অভিযুক্ত মান্নানে ৷ 1998 চনৰ 17 এপ্ৰিলত বাথাম এলেকাৰ বাসিন্দা অভিযোগকাৰী বীৰেন্দ্ৰই জিলাখনৰ পুৰণি তহচিলৰ অন্তৰ্গত লেনেগঞ্জৰ ওচৰত তেওঁৰ পকেটৰ পৰা 45 টকা চুৰি কৰাৰ বাবে মান্নানৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ ইয়াৰ পিছতে আৰক্ষীয়ে মান্নানৰ পৰা চুৰি হোৱা ধন উদ্ধাৰ কৰে ৷

তাৰ পিছত 18 এপ্ৰিলত অভিযুক্তজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷ দুমাহ আৰু 21 দিন কাৰাগাৰ সম্পূৰ্ণ কৰাৰ পিছত, মান্নানক মেইনপুৰী জিলা আদালতৰ পৰা গোচৰটোত জামিন দিয়া হয় ৷ গোচৰটোৰ তদন্ত পিছতে আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ( Chief judicial magistrate) অভিযোগপত্ৰ দাখিল কৰে ৷ আদালতে অভিযুক্তজনক চমন, ৱাৰেণ্ট আৰু শেষত তেওঁৰ সম্পত্তি জব্দ কৰাৰ ভাবুকিৰে কেইবাখনো স্মাৰক প্ৰেৰণ কৰিছিল ৷

অভিযুক্তজনে ২৭ ছেপ্টেম্বৰত তেওঁৰ অধিবক্তা বি এইচ হাছমীক তেওঁৰ বিৰুদ্ধে ৰুজু কৰা ৱাৰেণ্ট প্ৰত্যাহাৰ কৰাৰ বাবে আদালতক আহ্বান জনাই এখন আবেদন দাখিল কৰিছিল ৷ ২৮ ছেপ্টেম্বৰত মান্নানে তেওঁৰ অপৰাধ স্বীকাৰ কৰি আদালতত এখন আবেদনো দিছিল ৷ তাৰ পিছতে মুখ্য ন্যায়িক দণ্ডাধীশে তেওঁক চাৰি দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক:জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতেই তোলপাৰ ৰাজীৱ ভৱন

ABOUT THE AUTHOR

...view details