অসম

assam

ETV Bharat / bharat

আফ্ৰিকান ছোৱাইন ফিভাৰ : মিজোৰামত 1098 টা গাহৰিৰ মৃত্যু - পশুৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 2009

আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মিজোৰামত 1098 টা গাহৰিৰ মৃত্যু ৷ 20 এপ্ৰিলত ৰাজ্য খনত 42 টা গাহৰিৰ মৃত্যু ৷ 21 মাৰ্চত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ৷

african swine fever kills 1098 pigs in mizoram
আফ্ৰিকান ছোৱাইন ফিভাৰ

By

Published : Apr 21, 2021, 7:10 AM IST

মিজোৰাম, 21 এপ্ৰিল:পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত মিজোৰাম ৷ মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তথ্য অনুসৰি 20 এপ্ৰিলৰ দিনটোত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ৰাজ্যখনত 42 গাহৰিৰ মৃত্যু হয় ৷ এই পৰ্যন্ত ৰাজ্যখনত মুঠ 1098 টা গাহৰিৰ মৃত্যু হৈছে ৷

মঙলবাৰে মিজোৰামৰ ৰাজ্যপালে পশুৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 2009 (Prevention and Control of Infectious and Contagious Disease in Animals Act 2009) ৰ অধীনত আইজলৰ তিনিটা অঞ্চলৰ লগতে লুঙলেই, চাৰ্চিপ আৰু চিয়াহা আদি বিভিন্ন জিলাক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে ঘোষণা কৰে ৷

মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ভূপালস্থিত ICAR-NIHSAD লৈ প্ৰেৰণ কৰা টিচ্যু আৰু চেৰামৰ নমুনাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰিছে বুলি ইতিমধ্যে নিশ্চিত কৰিছে ৷ 21 মাৰ্চত লুঙচেন গাঁৱত প্ৰথমবাৰৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰিছিল ৷

লগতে পঢ়ক:মিজোৰামত সপ্তাহজোৰা লক ডাউন

ABOUT THE AUTHOR

...view details