নেশ্যনেল ডেস্ক,17 জানুৱাৰী :কেৰালাৰ এৰ্নাকুল্লাম জিলাৰ এদাথালা গাঁও পঞ্চায়তত খেতিপথাৰসমূহত শামুকৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এদাথালা গাঁও পঞ্চায়ত প্ৰশাসনে শামুকৰ সংক্ৰমণৰ পৰা শস্যসমূহক ৰক্ষা কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে পঞ্চায়তৰ সভাপতি প্ৰীজা কুঞ্জুমনে ৷
আনহাতে, এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছতেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে সভাপতি প্ৰীজা কুঞ্জুম তথা পঞ্চায়তৰ সদস্য সৌম্যা সাথাৰ আৰু নৌছাদে ৷ অতিশীঘ্ৰে এই অঞ্চল পৰিদৰ্শন কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণৰ বিষয়ে গাঁওবাসীক অৱগত কৰিব বুলিও কয় পঞ্চায়ত কৰ্তৃপক্ষই ৷