অসম

assam

ETV Bharat / bharat

আফগানিস্তানৰ পৰা 75জন শিখ লোকক ভাৰতলৈ স্থানান্তৰ

দেশৰ নাগৰিকক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ সোমবাৰে আফগানিস্তানৰ পৰা ভাৰতে 75 জন শিখ লোকক স্থানান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ কাবুল(Kabul)ৰ পৰা দুশানবে(Dushanbe) হৈ এই লোকসকলক উলিয়াই অনা হৈছে ৷

India evacuates another 75 Sikhs from Kabul
আফগানিস্তানৰ পৰা 75জন শিখ লোকক ভাৰতলৈ স্থানান্তৰ

By

Published : Aug 23, 2021, 6:46 PM IST

নেশ্যনেল ডেস্ক, 23 আগষ্ট : যুদ্ধবিধ্বস্ত আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিয়ে শেহতীয়াকৈ কম বেছি পৰিমাণে দেশৰ প্ৰায় সকলো ৰাষ্ট্ৰকে প্ৰভাৱিত কৰিছে ৷ এনে পৰিস্থিতিত আফগানিস্তানত আৱদ্ধ হৈ থকা লোকসকলক লৈ সকলো চিন্তিত হৈ পৰাৰ মাজতে সোমবাৰে ভাৰতে যুদ্ধবিধ্বস্ত দেশখনৰ পৰা 75 জন শিখ লোকক স্থানান্তৰ কৰে ৷

দিল্লীৰ শিখ গুৰুদ্বাৰা পৰিচালনা কমিটীৰ মুৰব্বী(Delhi Sikh Gurdwara Management Committee Chief) মনজিন্দৰ সিঙ চিৰছা(Manjinder Singh Sirsa)ই জানিবলৈ দিয়া মতে, কাবুল(Kabul)ৰ পৰা দুশানবে(Dushanbe) হৈ এই লোকসকলক উলিয়াই অনা হৈছে আৰু নিশা পলমকৈ তেওঁলোক ভাৰতত উপস্থিত হ'ব ৷

লগতে পঢ়ক :আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

টুইটযোগে চিৰছাই এই কথা সদৰী কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনায় ৷ টুইটযোগে তেওঁ এইবুলি কয়, "Update from Afghanistan- Another 75 Sikhs are being evacuated today from Kabul via Dushanbe who will arrive in India late night today. We thank PM Office India and Ministry of External Affairs for their massive support," ৷

উল্লেখ্য যে, 15 আগষ্টত ৰাষ্ট্ৰপতি আশ্বৰফ ঘানি(President Ashraf Ghani)য়ে ৰাষ্ট্ৰ ত্যাগ কৰাৰ পাচতে দেশখনত চৰকাৰৰ পতন ঘটে ৷

ৰাষ্ট্ৰখনৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ পাচতে বিভিন্ন দেশে যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনৰ পৰা নিজৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ একে সময়তে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে(Indian Ministry of External Affairs) ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ বুলি সদৰী কৰিছে ৷

লগতে পঢ়ক :তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়

ABOUT THE AUTHOR

...view details