নেশ্যনেল ডেস্ক, 2 নৱেম্বৰ :যোৱা কিছুদিন ধৰি দিল্লীত বাস কৰি অহা এগৰাকী আফগান মহিলাই নিজৰ বন্ধুৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ ৷ গোচৰত তেওঁ উল্লেখ কৰিছে যে, উত্তৰাখণ্ডৰ ঋষিকেষৰ পৰা দিল্লীলৈ মধ্যৰাতি আহি থাকোতে তেওঁক প্ৰহাৰ কৰাৰ লগতে গাড়ীৰ পৰা পেলাই দিয়া হয় ৷
আফগান মহিলাগৰাকীয়ে আৰক্ষীক জনাই যে, তেওঁ ঋষিকেষলৈ মহম্মদ মুল্লা, ছাদিক মুস্তাফা আৰু তবচ্চুমৰ সৈতে গৈছিল ৷ দিল্লীলৈ ঘূৰি অহাৰ পথত তেওঁৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় বন্ধুকেইগৰাকী ৷ সেই সময়তে তেওঁলোকে আফগান মহিলাগৰাকীক আক্ৰমণ কৰাৰ লগতে গাড়ীৰ পৰা পেলাই দিয়ে ৷