নিউজ ডেস্ক, ১৬ জানুৱাৰী: ফ্ৰেব্ৰুৱাৰীৰ ৩-৭ তাৰিখলৈ বাংগালুৰুৰ য়েলাহংকাত আৰম্ভ হ'ব এৰ' ইণ্ডিয়া ২০২১ । ইতিমধ্যে এৰ' ইণ্ডিয়াৰ ৱেবচাইট যোগে উপলব্ধ কৰা হৈছে এৰ' ইণ্ডিয়াৰ অনলাইন টিকট । ভাৰতীয় লোকৰ বাবে টিকটৰ মূল্য ২,৫০০ টকা আৰু বিদেশী নাগৰিকৰ বাবে ৫,৪৮৭.১১ টকা টিকটৰ মূল্য । মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে কেতবোৰ নিয়ম বান্ধি দিছে আয়োজকসকলে ।
প্ৰথম পৰিসৰৰ ভিত্তিত সীমিত সংখ্যক টিকট বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে । তাৰোপৰি সীমিত সময়ৰ বাবেহে লোকসকলে উপস্থিত থাকিব পাৰিব । ৪৫ মিনিটৰ বাবে এক এয়াৰ শ্ব' উপভোগ কৰিবলৈ পাৰিব । যদিহে কোনো লোকে এই নিয়ম ভংগ কৰে তেনেহ'লে ভাৰতীয় লোকৰ বাবে ৫০০০ টকা আৰু বিদেশী নাগৰিকৰ বাবে ১০,৯৭৪.২২ টকাৰ জৰিমনা বিহা হ'ব ।