অসম

assam

ETV Bharat / bharat

প্ৰচণ্ড শীতক নেওচি ভাৰত-বাংলাদেশ সীমান্তত কৰ্মৰত বিএচএফ জোৱান - challenge for bsf jawans deployed in indo bangladesh border

ডাঠ কুঁৱলীৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত কৰ্মৰত বিএচএফ জোৱানৰ বাবে বৃহৎ প্ৰত্যাহ্বান ৷ প্ৰচণ্ড শীতৰ মাজতো দায়িত্ব পালন বিএচএফ কৰ্মীৰ ৷ ডাঠ কুঁৱলীৰ সুযোগ গ্ৰহণ কৰি ভাৰতত প্ৰৱেশ কৰিব বিচৰা অনুপ্ৰৱেশকাৰীক প্ৰতিহত কৰাৰ বাবে 24 ঘন্টাই সতৰ্ক ভাৰত-বাংলাদেশ সীমাত কৰ্মৰত বিএচএফৰ জোৱান ৷

BSF jawans on guard on Indo Bangladesh border
প্ৰচণ্ড শীতক নেওচি ভাৰত-বাংলাদেশ সীমান্তত দায়িত্ব পালন বিএচএফ জোৱানৰ

By

Published : Jan 2, 2021, 11:35 AM IST

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী: সীমান্তৰ প্ৰতিকূল অৱস্থাকো নেওচি আন্তঃৰাষ্ট্ৰীয় ভাৰত-বাংলাদেশ সীমান্তত বিএচএফ জোৱানসকলে সেৱা আগবঢ়াই গৈছে ৷ বতৰৰ প্ৰতিকূল অৱস্থাৰ উপৰিও হাড় কঁপোৱা শীতৰ মাজত সীমা সুৰক্ষাৰ দায়িত্বত থকা এইসকল জোৱানৰ বাবে সন্মুখত আহি পৰিছে অন্যান্য বহু বৃহৎ প্ৰত্যাহ্বান ৷

অনুপ্ৰৱেশকাৰীৰ পৰা দেশখনক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে 24 ঘন্টাই সতৰ্ক হৈ থাকিব লগীয়া এইসকল জোৱানৰ বাবে প্ৰত্যেক বছৰেই শীত কালত অঞ্চলটোক আৱৰি থোৱা ডাঠ কুঁৱলীৰ আৱৰনে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰে আৰু এই সুযোগ গ্ৰহণ কৰে ক্ৰচ-বৰ্ডাৰ সৰহবৰাহকাৰী সকলে ৷ কম দৃশ্যমানতা আৰু ডাঠ কুঁৱলীৰ সুযোগলৈ অপেক্ষা কৰি থকা এই সকল সৰহবৰাহকাৰীয়ে সেনা জোৱান সকলক আক্ৰমণ কৰিবলৈও কুন্ঠাবোধ নকৰা পৰিলক্ষিত হয় ৷

নিশাৰ আন্ধাৰত যুদ্ধ কৰাটো সম্ভৱপৰ হ'লেও কুঁৱলীৰ সৈতে যুঁজ দিয়াটো যেন বিএচএফ সোনা সকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান ৷ ডাঠ কুঁৱলীৰ বাবেই ভাৰত-বাংলাদেশ সীমাত কৰ্তব্যৰত বিএচএফৰ জোৱান সকলে যথেষ্ট দুৰ্ভোগ ভোগ কৰিব লগীয়া হয় ৷

2020 চ 11 নৱেম্বৰত পাৰ মেখলিগঞ্জৰ ভূজাৰিপাৰা অঞ্চলত ভাৰত-বাংলাদেশ সীমাত বিএচএফৰ জোৱানে এগৰাকী বাংলাদেশীক গুলিয়াই হত্যা কৰিছিল ৷ অভিযোগ অনুসৰি বাংলাদেশী গৰাকীয়ে কাঁইটীয়া তাঁৰৰ বেৰা পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল ৷ নিহত বাংলাদেশী লোকজন বাংলাদেশৰ নীলফামাৰিৰ বাসিন্দা মহম্মদ খাৰিনুল ৰহমান বুলি জানিব পৰা গৈছে ৷

65তম বেটেলিয়নৰ এগৰাকী কামাণ্ডাৰ অনিল কুমাৰ সিঙে কয় যে , "শীত কালত কুঁৱলীৰ বাবে আমি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগীয়া হয় ৷ ডাঠ কুঁৱলীৰ বাবে 20 মিটাৰ দূৰত থকা বস্তু দেখি পোৱাটো প্ৰায় অসম্ভৱ হৈ উঠে ৷ এনে পৰিস্থিতিত আমাৰ কাম আৰু অধিক কষ্টসাধ্য হৈ পৰে ৷ কিন্তু এই খিনি সময়তে আমাৰ দায়িত্ব অধিক বৃদ্ধি পায় ৷"

অন্য এগৰাকী বিএচএফৰ জোৱানে মন্তব্য কৰি কয় যে ,"আমি সীমাৰ সুৰক্ষাৰ কথা ভাবিবই লাগিব , এইয়া আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব ৷"

লগতে পঢ়ক:শ্ৰীনগৰৰ এনকাউন্টাৰ সন্দৰ্ভত লেফটেনেন্ট গভৰ্ণৰলৈ পত্ৰ প্ৰেৰণ মেহবুবা মুফতিৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details