অসম

assam

ETV Bharat / bharat

Indo Myanmar Border: ভাৰত ম্যানমাৰ সীমান্তত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফেন্সিং

ভাৰত-ম্যানমাৰ সীমান্তত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্নত স্মাৰ্ট ফেন্সিং ব্যৱস্থা স্থাপনৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ জৰিয়তে চোৰাংচোৱা ব্যৱস্থা সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে ৬.৮১২ কিলোমিটাৰ ফেন্সিং সম্পূৰ্ণ হৈছে ৷

Indo Myanmar Border
ভাৰত ম্যানমাৰ সীমান্তত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফেন্সিং

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:58 PM IST

নিউজ ডেস্ক, অক্টোবৰ: মণিপুৰত চলি থকা জনগোষ্ঠীয় হিংসাৰজৰ্জৰ পৰিস্থিতিৰ মাজতে ভাৰত-ম্যানমাৰ সীমান্তত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্নত স্মাৰ্ট ফেন্সিং ব্যৱস্থা স্থাপনেৰে চোৰাংচোৱা ব্যৱস্থা সুদৃঢ় কৰিবলৈ কাম চলি আছে বুলি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ৷

ভাৰতে ম্যানমাৰৰ সৈতে ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ভাগ কৰে ৷ যিখিনি অৰুণাচল প্ৰদেশ (৫২০ কিলোমিটাৰ), নাগালেণ্ড (২১৫ কিলোমিটাৰ), মণিপুৰ (৩৯৮ কিলোমিটাৰ) আৰু মিজোৰাম (৫১০ কিলোমিটাৰ) ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় ৷ ২০২২-২৩ চনৰ গৃহমন্ত্ৰণালয়ৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ১,৬৪৩ কিলোমিটাৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্তত ১,৪৭২ কিলোমিটাৰ সীমা নিৰ্ধাৰণ সম্পূৰ্ণ হৈছে ৷

চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি ম্যানমাৰত শিবিৰ থকা উত্তৰ-পূবৰ কেইবাটাও বিদ্ৰোহী গোটে ইতিমধ্যে মণিপুৰৰ ভয়াৱহ পৰিস্থিতিত অধিক ইন্ধন যোগাবলৈ সীমান্তৰ এই দিশেৰে অহা-যোৱা কৰি থাকে ৷ মণিপুৰৰ মৰে’ত ১০.০২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ বেৰ নিৰ্মাণৰ কাম ইতিমধ্যে বি আৰ অ’ক প্ৰদান কৰা হৈছে ৷ ‘‘কাম চলি আছে আৰু ইতিমধ্যে ৬.৮১২ কিলোমিটাৰ ফেন্সিং সম্পূৰ্ণ হৈছে ৷ ২০২৩ চনৰ ভিতৰত মুঠ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা ৷’’ প্ৰতিবেদনত কোৱা হৈছে ৷

প্ৰতিবেদনত আলোকপাত কৰা হৈছে যে মণিপুৰ মেইটেই, নগা, কুকি, জোমি আৰু হমাৰ বিদ্ৰোহী গোটৰ কাৰ্যকলাপৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ ইয়াত কোৱা হৈছে যে দুটা সংঘবদ্ধ সংস্থা ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউপিএফ)-৮ আৰু কুকি নেশ্যনেল অৰ্গেনাইজেশ্যন (কেএনঅ’) -১৫ৰ অধীনত মুঠ ২৩ টা আন্দাৰ গ্ৰাউণ্ড গোট বৰ্তমান ২০০৮ চনৰ আগষ্ট মাহৰ পৰা ভাৰত চৰকাৰৰ সৈতে ছাচপেনচন অৱ অপাৰেচন (এছঅ’অ’)ৰ অধীনত আছে ৷

ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰে ২০২২ চনৰ ডিচেম্বৰ মাহত মণিপুৰৰ জেলিয়াংৰং ইউনাইটেড ফ্ৰন্ট (ZUF) গোটৰ সৈতে Cessation of Operation (CoO) চুক্তিত স্বাক্ষৰ কৰে ৷ ZUF এ হিংসাক ত্যাগ কৰি 2022 চনৰ আইন অনুসৰি প্ৰতিষ্ঠা কৰা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ সন্মত হয় ৷ প্ৰতিবেদনত আৰু কোৱা হৈছে যে ২০২২ চনত ৰাজ্যখনত ১৩৭ টা বিদ্ৰোহ সম্পৰ্কীয় কাণ্ড পঞ্জীয়ন হৈছিল য’ত ৫ জন সাধাৰণ নাগৰিক আৰু ১ জন নিৰাপত্তা বাহিনীৰ লোকে প্ৰাণ হেৰুৱাইছিল ৷

“উগ্ৰপন্থী বিৰোধী অভিযানৰ ফলত ২ জন বিদ্ৰোহী নিহত হয়, ৩১৫ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰা আৰু ৭৬ টা অস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ উপৰিও বিদ্ৰোহী সংগঠনৰ ৫৭ জন কেডাৰে ২৯ টা অস্ত্ৰ লৈ আত্মসমৰ্পণ কৰে ৷’’ প্ৰতিবেদনত প্ৰকাশ ৷

লগতে পঢ়ক:India Tanzania Talks : তাঞ্জানিয়াৰ বাবে ১০০০ অতিৰিক্ত আইটিইচি শ্লট ঘোষণা ভাৰতৰ

ABOUT THE AUTHOR

...view details