নিউজ ডেস্ক, 28 মে':পতঞ্জলি ব্ৰেণ্ডৰ নাম ব্যৱহাৰ কৰি ভেজাল মিঠাতেল বিক্ৰী কৰাৰ অভিযোগত প্ৰশাসনে জব্দ কৰিলে কিষাণগড়বাঁচ অঞ্চলৰ খেৰথলৰ এটা কাৰখানা ৷ অভিযোগ অনুসৰি, অঞ্চলটোৰ সিংহানিয়া তেল মিলত বাবা ৰামদেৱৰ পতঞ্জলি ব্ৰেণ্ডৰ নামত ভেজাল সৰিয়হৰ তেল পেকিং কৰি অহা হৈছিল ৷
এই খবৰ লাভ কৰাৰ পাচতে প্ৰশাসনে সিংহানিয়া তেল কাৰখানাত অভিযান চলাই পতঞ্জলিৰ নামত ভুৱা তেল বিক্ৰীৰ অভিযোগত তেলৰ মিলটো জব্দ কৰে লগতে কাৰখানাটোৰ পৰা বৃহৎ পৰিমাণৰ পতঞ্জলি ব্ৰেণ্ডৰ পেকিং সামগ্ৰী উদ্ধাৰ কৰে ৷
অভিযোগ অনুসৰি, খেৰথলৰ এই কাৰখানাটোৰ পৰা বৃহৎ পৰিমাণৰ তেল ৰামদেৱৰ পতঞ্জলি কোম্পানীলৈ প্ৰেৰণ কৰা হয় আৰু এই তেলত পতঞ্জলিয়ে নিজৰ মোহৰ লগাই বিক্ৰী কৰে ৷ এই অভিযোগ উত্থাপন হোৱাৰ পাচতে জিলা উপায়ুক্ত নন্নুমল পাহাড়িয়াই তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰি আলৱাৰৰ উপ-বিভাগীয় বিষয়া যোগেশ ডাগুৰৰ নেতৃত্বত এখন তিনি জনীয়া সমিতি গঠন কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, জিলা উপায়ুক্তগৰাকীয়ে পতঞ্জলিৰ সৈতে সম্পৰ্কিত সৰিয়হৰ তেলৰ বটল আৰু বটলৰ ষ্টিকাৰ আদি বিভিন্ন সামগ্ৰী খেৰতলস্থিত সিংহানিয়া তেল মিলত পৰি থকাৰ খবৰ লাভ কৰিছিল ৷ এই সন্দৰ্ভত উপ-বিভাগীয় বিষয়া ডাগুৰে কিষাণগড়বাঁচৰ এছডিঅ' মুকুট চৌধুৰীক অৱগত কৰে ৷
ইয়াৰ পাচতে চৌধুৰীৰ নেতৃত্বত নিশা 9 বজাত আৰক্ষীয়ে সিংহানিয়া তেল কাৰখানাত অভিযান চলাই মেচিনত মেৰিয়াই থোৱা অৱস্থাত পতঞ্জলিৰ বটলৰ ষ্টিকাৰ, বটল তথা অন্যান্য সামগ্ৰীসমূহ জব্দ কৰে ৷