অসম

assam

ETV Bharat / bharat

বানৰ বাবে ওডিশাৰ নৈপৰীয়া অঞ্চলৰ বাসিন্দাক স্থানান্তৰ - Fire Service

শেহতীয়াভাবে ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে ভাৰতৰ কেইবাখনো ৰাজ্য ৷ উত্তৰাখণ্ডৰ লগতে ওডিশা আৰু ঝাৰখণ্ডত ইয়াৰ প্ৰভাৱ পৰিছে । সেয়েহে ওডিশাৰ বালাচোৰ আৰু ময়ূৰভঞ্জ(Odisha Balasore and Mayurbhanj of Odisha) জিলাত প্ৰশাসনে নৈপৰীয়া বাসিন্দাক স্থানান্তৰিত কৰিছে।

Odisha Balasore and Mayurbhanj of Odisha
বানৰ বাবে উড়িশাৰ নৈপৰীয়া অঞ্চলৰ বাসিন্দাক স্থানান্তৰ

By

Published : Aug 21, 2022, 6:22 PM IST

নেশ্য়নেল ডেস্ক, ২১ আগষ্ট: ওডিশাৰ বালাচোৰ আৰু ময়ূৰভঞ্জ(Odisha Balasore and Mayurbhanj of Odisha) জিলাত প্ৰশাসনে নৈপৰীয়া অঞ্চলসমূহৰ পৰা বাসিন্দাসকলক স্থানান্তৰিত কৰিছে । উক্ত জিলা দুখনৰ সুবৰ্ণৰেখা আৰু বৈতৰাণী নদীৰ জলস্পৃষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে এনে অভিযান চলাইছে । এই বিষয়ে সদৰী কৰিছে জিলা প্ৰশাসনে । উল্লেখ্য় যে বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানদী নদী প্ৰণালীত বানপানীৰ সৃষ্টি হৈছে । ফলত সাত লাখৰো অধিক লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে । এই জিলা দুখনৰ ৭৬৩ খন গাঁৱৰ ৫ লাখ ক্ষতিগ্ৰস্ত হৈছে ।

প্ৰশাসনে প্ৰকাশ কৰা তথ্য় অনুসৰি বৰষুণ আৰু বানত ৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইফালে,উদ্ধাৰকাৰী দলে সম্বলপুৰ জিলাৰ কুচিন্দা (Kuchinda area of Sambalpur district)অঞ্চলত দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে । ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা দেৱাল খহি পৰাৰ ফলত দুগৰাকী নাবালিকাসহ চাৰিগৰাকীয়ে প্ৰাণ হেৰুৱায় । উত্তৰ ওডিশাৰ সকলো নদীৰ জলস্তৰ বংগোপসাগৰৰ চাপৰ বাবে বৃদ্ধি পাইছে ।

বিশেষ সাহায্য আয়ুক্ত(Special Relief Commissioner)পি কে জেনাই বালাচোৰ আৰু ময়ূৰভঞ্জ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে । তেওঁ কয় যে ঝাৰখণ্ডৰ গালুদিহ বেৰেজৰ(Galudih barrage)কৰ্তৃপক্ষই ১৬ খন স্লুইচ গেটৰে ৫ লাখ কিউছেক পানী এৰি দিয়াৰ ফলত সুবৰ্ণৰেখা প্ৰণালীত জলস্তৰ বৃদ্ধি পাইছে । জেনাই পুনৰ কয় যে শুক্ৰবাৰে চুবুৰীয়া ৰাজ্য পশ্চিম বংগতে বেছি পৰিমানে বৰষুণ হৈছে । ইপিনে,বালাচোৰৰ জিলা উপায়ুক্ত দত্তাত্ৰয় ভাউচাহেব চিন্দেয়ে কয় যে জলকা আৰু বুধাবালাং নদী প্ৰণালীত বানপানী হোৱা বাবে ইয়াৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

বিশেষ সাহায্য আয়ুক্তই আৰু কয় যে বালাচোৰ আৰু ময়ুৰভঞ্জ জিলাত এন ডি আৰ এফ(NDRF),ওডিআৰএএফ(ODRAF) আৰু অগ্নি নিৰ্বাপক সেৱাৰ(Fire Service) কৰ্মীসকলক লৈ ৫০ টাতকৈও অধিক সৰু উদ্ধাৰকাৰী দল নিয়োগ কৰা হৈছে । আনহাতে, ভদ্ৰক আৰু জাজপুৰতো একে ধৰণৰ ব্যৱস্থা কৰা হৈছে । জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা(Water Resources Department Chief Engineer)বি কে মিশ্ৰই কয় যে মহানদী ব-দ্বীপৰ বান পৰিস্থিতিৰ উন্নতি হৈছে । ইপিনে, ছত্তিশগড়ৰ মহানদীৰ ওপৰৰ অৱবাহিকা অঞ্চলত বৰষুণৰ পৰিমান হ্ৰাস পাইছে । অহা কেইদিনমানৰ ভিতৰত বান পৰিস্থিতি আৰু উন্নত হ'ব বুলি মিশ্ৰই কয় ।

লগতে পঢ়ক:মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰি ৰাজ্যত 25 গৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details