অসম

assam

By

Published : Apr 5, 2021, 1:26 PM IST

ETV Bharat / bharat

যোগী আদিত্যনাথে গ্ৰহণ কৰিলে প্ৰথম পালি ক'ভিড প্ৰতিষেধক

প্ৰথম পালি ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ লক্ষ্নৌৰ চিভিল হাস্পতালত আদিত্যনাথে গ্ৰহণ কৰে প্ৰতিষেধক ৷ সকলোকে ক'ভিড-19 সম্পৰ্কীয় সাৱধানতা অৱলম্বন কৰাৰ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ৷

Yogi Adityanath receives first shot of COVID-19 vaccine
প্ৰথম পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিলে যোগী আদিত্যনাথে

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল:সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক'ভিড-19 ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে ৷ লক্ষ্নৌৰ চিভিল হাস্পতালত আদিত্যনাথে প্ৰতিষেধক গ্ৰহণ কৰে আৰু ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে ৷

প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰি আদিত্যনাথে এইবুলি কয়, "এই প্ৰতিষেধক বিনামূলীয়াকৈ উপলব্ধ কৰোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক ধন্যবাদ জ্ঞাপন কৰিছো ৷ দেশৰ বৈজ্ঞানিক সকলকো মই ধন্যবাদ দিছো ৷ এই প্ৰতিষেধক সম্পূৰ্ণ সুৰক্ষিত ৷ আমাৰ সকলোৱে এই প্ৰতিষেধক গ্ৰহণ কৰা উচিত ৷"

প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো সকলোকে সাৱধানতা অৱলম্বন কৰাৰ বাবে অনুৰোধ জনাই আদিত্যনাথে ক'ভিড-19 ৰ নতুন ৱেভ ক'ভিডৰ যথাযথ পৰ্যবেক্ষণৰ ক্ষেত্ৰত আমাৰ আত্মসন্তুষ্টিৰ ফল বুলি মন্তব্য কৰে ৷

ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাজিয়াবাদৰ জিলা দণ্ডাধীশ অজয় শংকৰ পাণ্ডেয়ে চিনেমা হল, শ্বপিং মল, ৰেষ্টুৰেন্ট, পাৰ্ক তথা সকলো ব্যাৱসায়িক প্ৰতিষ্ঠানক দৰ্শকৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়াৰ লগতে ট'কেন চিষ্টেমৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে ৷ বৰ্তমান উত্তৰ প্ৰদেশত 16,406 গৰাকী সক্ৰিয় ক'ভিড ৰোগী আছে ৷

লগতে পঢ়ক:আজি ছত্তিশগড়ৰ মাওবাদী আক্ৰমণৰ স্থান পৰিদৰ্শন কৰিব অমিত শ্বাহে

ABOUT THE AUTHOR

...view details