অসম

assam

ETV Bharat / bharat

ISRO solar mission : অসুবিধা অবিহনে আদিত্য এল-১ৰ যাত্ৰা অব্যাহত - First Solar mission of India

পৰৱৰ্তী কক্ষপথত সফলতাৰে প্ৰৱেশ কৰা বাবে আদিত্য এল-১ৰ গতিপথ সংশোধন কৌশল সফলতাৰে সম্পাদন কৰা হৈছে । আদিত্য এল-১ অৱস্থাও ভালে আছে । এই সৌৰ অভিযানক লৈ যথেষ্ট আশাবাদী ইছৰো ।

ISRO solar mission
অসুবিধা অবিহনে আদিত্য এল-১ৰ যাত্ৰা অব্যাহত

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:05 PM IST

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ :সঠিকভাৱে কাম কৰি আছে ইছৰোৰ আদিত্য এল-১য়ে । আদিত্য এল-১ মহাকাশযানখনৰ অৱস্থাও বৰ্তমান সুস্থিৰ । সূৰ্যৰ অন্বেষণৰ বাবে কোনো অসুবিধা নোহোৱাকৈ ভাৰতৰ প্ৰথম আদিত্য এল-১ মহাকাশযান অগ্ৰসৰ হৈছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এক্সৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে । পূৰ্বে এক্সৰ এটা পোষ্টত ইছৰোৱে কৈছিল যে সৌৰ মিছন মহাকাশযানখন যাতে হেলো কক্ষপথ অন্তৰ্ভুক্তিৰ দিশত অগ্ৰসৰ হ'ব পাৰে সেয়া নিশ্চিত কৰাৰ প্ৰচেষ্টা চলি আছে ।

মহাকাশ সংস্থাটোৱে কৈছে যে ৬ অক্টোবৰত ট্ৰেজেক্টৰী কাৰেকশন মেনুভৰ (টিচিএম) অৰ্থাৎ গতিপথ সংশোধন কৌশল সফলতাৰে সম্পাদন কৰা হৈছিল । আনহাতে তাৰ পূৰ্বে ১৯ ছেপ্টেম্বৰত ট্ৰেন্স-লাগ্ৰেঞ্জিয়ান পইণ্ট ১ ইনচাৰ্টেচন (টিএল1আই) মেনুভৰ ট্ৰেক কৰিছিল ।

ইছৰোৱে কয় যে টিচিএমে নিশ্চিত কৰে যে মহাকাশযানখন এল ১ ৰ চাৰিওফালে হেলো কক্ষপথ প্ৰৱেশ কৰোৱাৰ দিশত ইয়াৰ অভিপ্ৰেত পথত আছে । আদিত্য-এল-১ মহাকাশযানখন আগবাঢ়ি যোৱাৰ লগে লগে কেইদিনমানৰ ভিতৰতে মেগনেটোমিটাৰটো পুনৰ অন কৰা হ'ব বুলি সংস্থাটোৱে উল্লেখ কৰিছে ।

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত থকা মহাকাশ উৎক্ষেপণ পেডৰ পৰা ইছৰোৱে পিএছএলভি-চি ৫৭ ৰকেটৰ জৰিয়তে আদিত্য এল-১ উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰিছিল । আদিত্য এল-১ মহাকাশযানে সূৰ্য অন্বেষণৰ বাবে মুঠ ৭ টা পৃথক পেলোড কঢ়িয়াই লৈ গৈছে । ইছৰোৰ বিজ্ঞানীসকলৰ মতে ইয়াৰে চাৰিটা উপগ্ৰহই সূৰ্যৰ পৰা পোহৰ পৰ্যবেক্ষণ কৰিব আৰু বাকী তিনিটা উপগ্ৰহই প্লাজমা আৰু চুম্বকীয় ক্ষেত্ৰৰ ইন-চিটু প্ৰাচল জোখা হ'ব । লক্ষণীয়ভাৱে ভাৰতৰ এয়া প্ৰথম সৌৰ অভিযান । তৃতীয় চন্দ্ৰ অভিযান সফল হোৱাৰ পাছত এই সৌৰ অভিযানক লৈ যথেষ্ট আশাবাদী ইছৰো বিজ্ঞানীসকল ।

লগতে পঢ়ক :Gaganyaan mission : মানৱবিহীন বিমান পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ ইছৰোৰ

ABOUT THE AUTHOR

...view details