নেচনেল ডেস্ক, 4 মাৰ্চ: বাংগালোৰত এগৰাকী শীৰ্ষ পৰ্যায়ৰ ৰে'লৱে আৰক্ষী বিষয়াৰ ফেচবুক একাউন্ট হেক কৰি হেকাৰে বিষয়া গৰাকীৰ পৰা ধন দাবী কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷ ভাস্কৰ ৰাও নামৰ এগৰাকী ৰে'লৱে বিষয়াৰ একাউন্ট হেক কৰি দুস্কৃতিকাৰীয়ে একাউন্টটোৰ পৰা ধন দাবী কৰিছে ৷
বিষয়াগৰাকীয়ে কয় যে, "মেৰ ফেচবুক একাউন্টটো হেক কৰা হৈছে ৷ যদিহে কোনোৱো মোৰ নামত ধন দাবী কৰাৰ কোনো মেচেজ পাই, তেন্তে অনুগ্ৰহ কৰি সেই বাৰ্তাৰ প্ৰতি গুৰুত্ব নিদিব ৷"