অসম

assam

ETV Bharat / bharat

Manipur violence: চূড়াচান্দপুৰত অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোক মোতায়েন কেন্দ্ৰৰ - মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোকক মণিপুৰৰ ভাৰত ম্যানমাৰৰ সীমান্ত চুৰাচান্দপুৰত মোটায়েন কৰিছে । এই সুৰক্ষা বাহিনীৰ ভিতৰত আছে ব’ৰ্ডাৰ চিকিউৰটি ফৰ্চ, আৰু কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনী । তেজপুৰৰ পৰা জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন...

চূড়াচান্দপুৰত অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোক মোতায়েন কেন্দ্ৰৰ
চূড়াচান্দপুৰত অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোক মোতায়েন কেন্দ্ৰৰ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 4:45 PM IST

Updated : Sep 26, 2023, 11:02 PM IST

চূড়াচান্দপুৰত অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোক মোতায়েন কেন্দ্ৰৰ

তেজপুৰ, 26 ছেপ্টেম্বৰ: মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষই 5 মাহত ভৰি দিলেহি ৷ ৰাজ্যখনত ক্ৰমাৎ পৰিস্থিতি নিয়ন্ত্ৰণ তথা শান্তি শৃংখলা ঘূৰি অহাৰ বিপৰীতে মণিপুৰত পুনৰ যেন হিংসাৰ দাবানলে গ্ৰাস কৰিছে । উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ৰাজ্যখনৰ হিংসাত বিচ্ছিন্ন হোৱা লোকৰ বায়মেট্ৰিক্স তথা আধাৰ প্ৰদান কৰিবলৈ UIDAI ক নিৰ্দেশ প্ৰদান কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোকক মণিপুৰৰ ভাৰত ম্যানমাৰৰ সীমান্ত চুৰাচান্দপুৰত মোতায়েন কৰিছে । এই সুৰক্ষা বাহিনীৰ ভিতৰত আছে ব’ৰ্ডাৰ চিকিউৰটি ফৰ্চ আৰু কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনী । 1984 আইন অনুুুসৰি চূড়াচান্দপুৰত থকা বি এছ এফৰ প্ৰশিক্ষণ কেন্দ্ৰত অস্থায়ী কাৰাগাৰ নিৰ্মাণ আৰম্ভ কৰিছে ।

অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

সুৰক্ষা বাহিনীৰে ভৰ্তি বায়ুসেনাৰ C 130j আৰু 321 নম্বৰৰ দুখন বিশেষ বিমান ইতিমধ্যে চূড়াচান্দপুত অৱতৰণ কৰিছে। ইফালে ৰাজ্যখনত চৰকাৰে ব্যাপক হাৰত আৰম্ভ কৰিছে পপি খেতিৰ উচ্ছেদ ৷ পাহাৰ ভৈয়ামৰ সকলো ঠাইতে এই মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ পৰা ৰাজ্যখনক মুক্ত কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ।

অস্ত্ৰ লুট পাত : মণিপুৰত যোৱা 3 মে'ৰ পৰা সংঘটিত হিংসাৰ ফলত সুৰক্ষা বাহিনীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ লুট কৰি নিয়ে উগ্ৰপন্থী আৰু বিভিন্ন গোটে । বিশেষ সূত্ৰ অনুসৰি মে’ আৰু জুন মাহত চৰকাৰী অস্ত্ৰভাণ্ডাৰৰ পৰা 5,668 টাকৈ অস্ত্ৰ-শস্ত্ৰ লুটি কৰি নিয়াৰ লগতে প্ৰায় 6 লাখ গুলীৰ ভিতৰত আৰক্ষীয়ে মাত্ৰ 1,329 অস্ত্ৰ আৰু প্ৰায় 14 হাজাৰ গুলীহে উদ্ধাৰ কৰিছে। ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে 15 দিনৰ ভিতৰত অস্ত্ৰ-শস্ত্ৰ জমা দিয়া সকলৰ ওপৰত চৰকাৰে বিবেচনাপূৰ্ণ দৃষ্টিভংগী ল’বলৈ ইচ্ছুক বুলি সোমবাৰে ঘোষণা কৰিছিল ৷

অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ইফালে মণিপুৰত 2022 চনত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠনৰ পিচতে চৰকাৰে ৰাজ্যখনত ভয়ানক ৰূপ ধাৰণ কৰা মাৰাত্মক ড্ৰাগছ আৰু পাহাৰীয়া অঞ্চলত প্ৰচলিত পপি খেতিৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰে । বহু হাজাৰ পপি খেতি উচ্ছেদৰ লগতে ড্ৰাগছ ধ্বংস কৰে প্ৰশাসনে । ইফালে মণিপুৰত সীমান্তৱৰ্তী ম্যানমাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদ্রোহী সংগঠনৰ বাবে অস্ত্ৰ ভাণ্ডাৰ সৰবৰাহ কৰা হয়। এই ড্ৰাগছ সৰবৰাহ অবৈধ অনুপ্ৰৱেশকাৰীৰ লগতে উগ্ৰপন্থী সংগঠনৰ পুঁজি টনকিয়াল কৰা এক বিশেষ আহিলা । মণিপুৰ চৰকাৰে বৰ্তমানলৈকে 18,664 একৰ ভূমিত পপি খেতি ধ্বংস কৰে।

লক্ষণীয় যে, মণিপুৰত থকা বহু বিদ্ৰোহী সংগঠনৰ ভিতৰত Government of People's Democratic Republic Kukiland অন্যতম ৷ ইয়াৰ সদ্য ঘোষিত সভাপতি মাৰ্ক টি হাওকিপয়ে যোৱা 2021 চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ সামাজিক মাধ্যমত লিখা এটা পোষ্ট বৰ্তমানো পুনৰ সামাজিক মাধ্যমযোগে প্ৰচাৰ হৈছে । এই পোষ্টটোৰ বাবেই মাৰ্ক টি হাওকিপক 2022 চনৰ 24 মে’ত দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান মণিপুৰৰ কাৰাগাৰত আছে হাওকিপ। মণিপুৰত এইগৰাকী বিদ্ৰোহী নেতাক গ্ৰেপ্তাৰ কৰাৰ পিচতে 2022 চনৰ মে’ মাহৰ পৰা পুনৰ জাতিগত সংঘৰ্ষৰ সৃষ্টি হৈছে। মাৰ্ক টি হাওকিপৰ গ্ৰেপ্তাৰৰ পিচতেই কুকিসকলক মেইটেই লোকসকলৰ বিৰুদ্ধে যুঁজ কৰিবলৈ উদগনি দিছিল ৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা পক্ষপাতিত্বৰ অভিযোগে (মেইটেইৰ পক্ষপাতী) মেইটেই আৰু কুকি/ট্ৰাইবেলছৰ মাজত অসন্তুষ্টি বৃদ্ধি কৰি আহিছিল।
দেখা গৈছে যে, মণিপুৰত বৰ্তমান চলি থকা জাতিগত সংঘৰ্ষৰ শিপা বিভিন্ন ছ’চিয়েল মিডিয়াৰ পোষ্টটোৰ বাবেই সৃষ্টি হৈছে ৷

ঘটনাৰ সূত্ৰপাত : মণিপুৰত 2021 চনত 81 জনীয়া শৰণাৰ্থীৰ এটা দলে ম্যানমাৰৰ পৰা মণিপুৰলৈ সীমান্ত পাৰ হৈ প্ৰৱেশ কৰিছিল ৷ কিন্তু ইয়াৰ দুবছৰ পিচতেই যোৱা মে’ মাহত মণিপুৰত কুকি আৰু মেইটেইৰ মাজত আৰম্ভ হয় গোষ্ঠীগত সংঘৰ্ষৰ ।

আনহাতে জানুৱাৰী মাহত 10 টা শিশুকে ধৰি 81 জনকে "বৈধ নথি-পত্ৰ” নথকাৰ বাবে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্ত স্থানীয় আদালতে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী নহয়, শৰণাৰ্থী হিচাপে স্বীকৃতি দিছিল। ইয়াৰ পিচত ডিটেইনিং কৰ্তৃপক্ষক আইনী পদ্ধতি আৰু নথিপত্ৰৰ ক্ষেত্ৰত সহায় কৰিবলৈ নিৰ্দেশনা দিছিল ৷

কিন্তু এই প্ৰায় পাঁচ মাহৰ পিচতো সমগ্ৰ মণিপুৰত জনগোষ্ঠীয় হিংসা অব্যাহত থকাৰ সময়তে ইয়াৰে প্ৰায় 52 জন শৰণাৰ্থী ইম্ফলৰ সাজিৱা কাৰাগাৰৰ বাহিৰৰ এটা ডিটেনচন চেণ্টাৰত আছে। যোৱা ফেব্ৰুৱাৰী মাহত ইয়াৰে এজনৰ মৃত্যু হৈছিল। বাকীকেইজনৰ 10 টা শিশুকে ধৰি প্ৰায় 28 জনক মুকলি কৰি দিয়া হৈছিল ৷ সম্প্ৰতি তেওঁলোক কুকি গাঁৱৰ সমীপত অস্থায়ী বাসিন্দা হিচাপে বাস কৰি আছে ।

পুনৰ সংস্থাপন: 1968 চনত যেতিয়া কুকি জনগোষ্ঠীৰ লোকসকলে মণিপুৰৰ পাহাৰীয়া অঞ্চলত শৰণাৰ্থী হিচাপে আশ্ৰয় লৈছিল তেতিয়া চৰকাৰে তেওঁলোকক সংস্থাপনৰ বাবে নিৰ্দেশ জাৰি কৰিছিল । মণিপুৰৰ উপায়ুক্ত এছ চি ভিশ (S.C.VAISH ) উখৰুলৰ মহকুমা বিষয়া বীৰেন্দ্ৰ সিংহ লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ 1968 বৰ্তমান মণিপুৰৰ সাজিৱা কেন্দ্ৰীয় কাৰাগাৰত ৮৫০ জন লোকৰ বাবে বন্দীত্বৰ ব্যৱস্থা থকা কাৰাগাৰত বৰ্তমান প্ৰায় ৭০০ কাৰাবন্দী আছে। ইম্ফলৰ মহিলা কাৰাগাৰত ৩৫০ জন বন্দী থকাৰ সুবিধাৰ ঠাইত ১১৫ জন কয়দী থকাৰ বিপৰীতে ৩ মে’ৰ পৰা জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ছাজিৱাত ১০০ জনতকৈও কম কয়দী আছিল, আনহাতে মহিলা কাৰাগাৰত মাত্ৰ তিনিজন কয়দী আছিল।

ৰাজ্যখনৰ আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ৩ মে’ত মণিপুৰত কুকি আৰু মেইটেইৰ মাজত জাতিগত সংঘৰ্ষৰ সৃষ্টি হয়। এই হিংসাত্মক পৰিস্থিতিয়ে ৰাজ্যখনত ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু প্ৰায় ৫০ হাজাৰ লোকে ঘৰ-দুৱাৰ আৰু চুবুৰী জ্বলাই জংঘললৈ পলায়ন কৰে।

মণিপুৰত ২০২২ চনত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠনৰ পিছতে চৰকাৰে ৰাজ্যখনত ভয়ানক ৰূপ ধাৰণ কৰা মাৰাত্মক ড্ৰাগছ আৰু পাহাৰীয়া অঞ্চলত প্ৰচলিত পপী খেতিৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰে । বহু হাজাৰ পপী খেতি উচ্ছেদৰ লগতে ড্ৰাগছ ধ্বংস কৰে। মণিপুৰত সীমান্তৱৰ্তী ম্যানমাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদ্রোহী সংগঠনৰ অস্ত্ৰ ভাণ্ডাৰ সৰবৰাহ হয়। এই ড্ৰাগছ অবৈধ অনুপ্ৰৱেশৰ লগতে উগ্ৰপন্থী সংগঠনৰ পুঁজি টনকিয়াল কৰা এক বিশেষ আহিলা । মণিপুৰ চৰকাৰে বৰ্তমানলৈকে ১৮,৬৬৪ একৰ ভূমিত পপী খেতি ধ্বংস কৰে।

মণিপুৰত কেবাটাও বিদ্রোহী সংগঠন আছে তাৰ ভিতৰত আন এক চৰকাৰ বিৰোধী সংগঠন হৈছে Government of People's Democratic Republic of kukiland । ইয়াৰ সদ্য ঘোষিত সভাপতি মাৰ্ক টি হাওকিপয়ে যোৱা 2021 চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ সামাজিক মাধ্যমত লিখা এটা পোষ্ট বৰ্তমান পুনৰ সামাজিক মাধ্যম যোগে প্ৰচাৰ হৈছে । এই পোষ্ট লিখাৰ বাবে মাৰ্ক টি হাওকিপক ২০২২ চনৰ ২৪ মে’ত দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু বৰ্তমান মণিপুৰৰ কাৰাগাৰত আছে।

তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা মণিপুৰ আৰু ম্যানমাৰৰ সভাপতি আছিল । তেওঁ মণিপুৰত শাসনৰ ভাৰ লবলৈ এগৰাকী কুকি প্ৰধান নেতা বিচাৰিবৰ বাবে আহ্বান জনাইছিল নহলে মণিপুৰ সুৰক্ষিত নহয় । ইয়াৰ পিছত তেওঁক মণিপুৰলৈ ঘূৰাই অনা হয় আৰু এই বিচ্ছিন্নতাবাদী সংগঠন “পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কুকিলেণ্ড চৰকাৰ”ৰ নেতৃত্ব দিয়াৰ অপৰাধত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। মূলতঃ মণিপুৰ পাহাৰত অৱস্থিত জনজাতীয় সম্প্ৰদায় কুকিসকলৰ বাবে গৃহভূমি প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ অভিযোগ আছে এই মাৰ্ক টি হাওকিপৰ বিৰুদ্ধে।

মণিপুৰত এইগৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ২০২২ চনৰ মে’ মাহৰ পৰা পুনৰ জাতিগত উত্তেজনাৰ সৃষ্টি হৈছে। মাৰ্ক টি হাওকিপৰ গ্ৰেপ্তাৰৰ ফলত কুকি লোকসকলক মেইটেইৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাধ্য কৰাইছিল। ৰাজ্য চৰকাৰৰ ফালৰ পৰা পক্ষপাতিত্বৰ অভিযোগে ( মেইটেইৰ পক্ষপাতী) মেইটেই আৰু কুকি/ট্ৰাইবেলছৰ মাজত অধিক অসন্তুষ্টি বৃদ্ধি কৰিছিল। দেখা গৈছে যে মণিপুৰত বৰ্তমান চলি থকা জাতিগত সংঘৰ্ষৰ শিপা বিভিন্ন ছ’চিয়েল মিডিয়াৰ পোষ্টৰ বাবেই হৈছে আৰু তাৰ পিছত ২০২২ চনৰ মে’ মাহত মাৰ্ক টি হাওকিপক গ্ৰেপ্তাৰ কৰা হৈছিল।

গোষ্ঠীগত সংঘৰ্ষ : মণিপুৰত 3 টা প্ৰধান জনগোষ্ঠী আছে, মেইটেই , নগা আৰু কুকি । মেইটেইসকলৰ বেছিভাগেই হিন্দু আনহাতে নগা আৰু কুকি সকলে খ্ৰীষ্টান ধৰ্মৰ। বৰ্তমান মণিপুৰত চলি থকা হিংসা হিন্দু মেইটেইৰ বিৰুদ্ধে খ্ৰীষ্টান নগা আৰু কুকিৰ। 1989 চনত মণিপুৰত মেইটেই লোকৰ সংখ্যা 64 শতাংশ আছিল ৷ হিন্দু লোকৰ সংখ্যা 50 শতাংশ আৰু খ্ৰীষ্টান লোকৰ সংখ্যা 35-40 শতাংশ ৷ কিন্তু এই হিংসাত্মক ঘটনাত নগাসকলে কাকো সহযোগ কৰা নাছিল যদিও পূৰ্বৰ দৰেই শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ হিংসাত্মক ঘটনাৰ মাজত সোমাই পৰিছে টাংখুল নগা লং (টিএনএল)-এ ।

এক বিশেষ সূত্ৰত জানিব পৰা গৈছে যে নগা সকলে বৃহত্তৰ নাগালেণ্ডৰ স্বাৰ্থত এই বিষয়ে স্থৱিৰ হৈ আছে ৷ গ্ৰেটাৰ নাগালেণ্ডে অসমৰ কেবাখনো জিলা দাবী কৰি অহাৰ দৰে মণিপুৰৰ চাৰিখন জিলাও সামৰি লৈছে ৷

লগতে পঢ়ক:NIA arrests suspected terrorist : হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত সন্দেহজনক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

Last Updated : Sep 26, 2023, 11:02 PM IST

ABOUT THE AUTHOR

...view details