নেশ্য়নেল ডেস্ক, ১৬ এপ্ৰিল:মোদী উপাধি সন্দৰ্ভত মন্তব্য আগবঢ়াই ৰাহুল গান্ধী অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হ’বলগীয়া হৈছিল ৷ ইয়াৰ পিচতে খাৰিজ কৰা হৈছিল তেওঁৰ সাংসদ পদ (Rahul Gandhi disqualification as Lok Sabha MP ) ৷ সাংসদ পদ খাৰিজ হোৱাৰ পিচত তেওঁ প্ৰথমবাৰৰ বাবে কৰ্ণাটকত উপস্থিত হয় । দেওবাৰে পুৱা ১১ বজাৰ পৰা বেংগালুৰুত আৰম্ভ হোৱা 'জয় ভাৰত ৰেলী'ত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । যোৱা ২৯ মাৰ্চত বিধানসভা নিৰ্বাচন ঘোষণা হোৱাৰ পিচত কৰ্ণাটকত তেওঁৰ প্ৰথম ভ্ৰমণতেই প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি লৈ গৌতম আদানিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ আদানিক দুৰ্নীতিৰ প্ৰতীক বুলি মন্তব্য় কৰে (Rahul Gandhi to address rally in Kolar)।
ইপিনে, কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি মন্তব্য় কৰি ৰাহুল গান্ধীয়ে কয় যে, দলটোৱে চৰকাৰ গঠন কৰাৰ পিচত প্ৰথমখন কেবিনেট বৈঠকত ইয়াৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ অনুমোদিত হ'ব । ইয়াৰ ফলত তেওঁলোকৰ কাৰ্যকৰীকৰণৰ পথ প্ৰশস্ত হ'ব বুলিও মন্তব্য় কৰি কয়, "মই অত্যন্ত আনন্দিত যে কংগ্ৰেছ দলে একত্ৰিতভাৱে কৰ্ণাটক বিধানসভা নিৰ্বাচনত যুঁজ দিছে ।" ৰাহুল গান্ধীয়ে পুনৰ কয় যে, তেওঁৰ দলে নিশ্চিত কৰিব যে কৰ্ণাটকক ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) ৪০ শতাংশ কমিছন চৰকাৰৰ কবলৰ পৰা মুক্ত কৰা হ'ব ।
তেওঁ দিনটোৰ আৰম্ভণিতে নিৰ্বাচনমুখী কৰ্ণাটকৰ কোলাৰত উপস্থিত হয় । তেওঁৰ সৈতে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী, বিৰোধী দলৰ নেতা সিদ্ধাৰামাইয়াৰ লগতে কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰকে ধৰি কেইবাগৰাকী কংগ্ৰেছ নেতাই 'জয় ভাৰত' শীৰ্ষক ৰেলীত অংশগ্ৰহণ কৰে ।