অসম

assam

ETV Bharat / bharat

Adani Hindenburg Controversy : আদানি হিণ্ডেনবাৰ্গ বিতৰ্ক; তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰু ১৫ দিন সময় বিচাৰিলে ছেবিয়ে - hindenburg controversy on adani group

ছেবিয়ে ১৪ আগষ্টত আদানি-হিণ্ডেনবাৰ্গ গোচৰত ইয়াৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব বুলি অনুমান কৰা হৈছিল । কিন্তু ছেবিয়ে নিজৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ আদালতৰ পৰা আৰু ১৫ দিন সময় বিচাৰিছে ।

Adani Hindenburg Controversy
Adani Hindenburg Controversy

By

Published : Aug 14, 2023, 3:48 PM IST

নিউজ ডেস্ক, ১৪ আগষ্ট :পুঁজি বজাৰ নিয়ন্ত্ৰক ছেবিয়ে সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে । উচ্চতম ন্যায়ালয়ত ছেবিয়ে আদানি গ্ৰুপৰ দ্বাৰা শ্বেয়াৰৰ মূল্যত কৰা খেলিমেলিৰ অভিযোগৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰু ১৫ দিন সময় বিচাৰিছে । এক নতুন আবেদনত 'চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অব ইণ্ডিয়া' চমুকৈ ছেবিয়ে কয় যে তেওঁলোকে ইয়াৰ সৈতে সম্পৰ্কিত ২৪ টা গোচৰৰ তদন্ত কৰিছে ।

"উপৰিউক্ত ২৪ টা গোচৰৰ ভিতৰত ১৭ টা গোচৰৰ তদন্ত সম্পূৰ্ণ কৰা হৈছে আৰু ছেবিৰ চলিত প্ৰক্ৰিয়া অনুসৰি সক্ষম কৰ্তৃপক্ষই ইয়াত অনুমোদন জনাইছে ।" নিয়ন্ত্ৰক সংস্থাটোৱে কয় ।

উল্লেখ্য যে জুলাই মাহত আদানি-হিণ্ডেনবাৰ্গ গোচৰৰ উচ্চতম ন্যায়ালয়ৰ শুনানি আগষ্টলৈ পিছুৱাই দিয়া হৈছিল । ১১ জুলাইত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ পৰা তদন্তৰ স্থিতিৰ বিষয়ে জানিব বিচাৰে । ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেলে কয় যে তদন্ত সম্পূৰ্ণ কৰিবলৈ ছেবিৰ ওচৰত ১৪ আগষ্টলৈকে সময় আছে । লগতে কয় যে এই কাম সম্ভাৱ্য গতিত চলি আছে । কিন্তু এতিয়া পুনৰ এবাৰ সময়সীমা বৃদ্ধি কৰাৰ দাবী জনাইছে ।

উল্লেখ্য যে ১৭ মে'ত উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত ছেবিক ১৪ আগষ্টলৈকে সময় দিয়া হৈছিল । লগতে এই সময়ৰ ভিতৰত নিজৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত শেহতীয়া প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল । এনে পৰিস্থিতিত আশা কৰা হৈছিল যে ছেবিয়ে সোমবাৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব ।

উল্লেখ্য, জানুৱাৰীৰ ২৪ তাৰিখে আমেৰিকান সংস্থা হিণ্ডেনবাৰ্গে আদানি গ্ৰুপৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰে, য'ত শ্বেয়াৰৰ খেলিমেলি, একাউণ্ট জালিয়াতি, শ্বৰ্ট পজিচনসহ (মূল্য হ্ৰাস হ'লে লাভ অৰ্জন কৰা) ৮৬ টা গুৰুতৰ অভিযোগ আছে । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ছেবিক ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে । আদালতে ৬ জনীয়া বিশেষজ্ঞ পেনেলো গঠন কৰে । অৱশ্যে এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই আৰু বিষয়টো বিতংভাৱে অনুসন্ধান কৰি আছে । একে সময়তে ছেবিক ১৪ আগষ্টৰ ভিতৰত অনুসন্ধানৰ চূড়ান্ত প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ সময় দিয়া বান্ধি দিয়া হয় ।

লগতে পঢ়ক :Godhra Train Burning Case : অতি গুৰুতৰ ঘটনা; গোধৰা গোচৰত ৩ অভিযুক্তৰ জামিন নাকচ ছুপ্ৰিম কোৰ্টৰ

ABOUT THE AUTHOR

...view details