নিউজ ডেস্ক, ১৫ আগষ্ট : আদানি গ্ৰুপৰ ব্যৱসায়িক সাম্ৰাজ্যত আন এক সংযোজন । এইবাৰ আদানি গ্ৰুপে মিডিয়া গ্ৰুপত বহুল পৰিমাণে বিনিয়োগ কৰিবলৈ আগবাঢ়িছে । আদানি গ্ৰুপৰ আন এক সংস্থাই এই বিনিয়োগ কৰিব । আদানি গ্ৰুপৰ সহায়ক সংস্থা এএমজি মিডিয়াই ৰাঘৱ বেহেলৰ কুইণ্টিলিয়ন বিজনেছ মিডিয়া প্ৰাইভেট লিমিটেডৰ আন ৫১ শতাংশ শ্বেয়াৰ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে এএমজি মিডিয়া কোম্পানীয়ে ইতিমধ্যে কুইণ্টিলিয়নত ৪৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে । বৰ্তমান এই চুক্তিৰ জৰিয়তে কুইণ্টিলিয়ন বিজনেছ মিডিয়া প্ৰাইভেট লিমিটেড আদানি গ্ৰুপৰ অন্তৰ্ভুক্ত হ'ব ।
আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেডে শ্বেয়াৰ বজাৰক এই বিষয়ে অৱগত কৰিছে । নিজৰ বিজ্ঞপ্তিত আদানি গ্ৰুপে কৈছে যে ইয়াৰ সহায়ক সংস্থা এএমজি মিডিয়া নেটৱৰ্কছ লিমিটেডৰ বোৰ্ডে এই সন্দৰ্ভত কুইণ্টিলিয়ন মিডিয়া লিমিটেডৰ সৈতে এক বাধ্যতামূলক বুজাবুজিৰ চুক্তিত (MoU) অনুমোদন জনাইছে । এই বুজাবুজি চুক্তিৰ অধীনত ব্যৱসায় আৰু বিত্তীয় বাতৰি সম্পৰ্কীয় ডিজিটেল মিডিয়া প্লেটফৰ্ম বি কিউ প্ৰাইম পৰিচালনা কৰা কোম্পানীটোৰ বাকী ৫১ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰা হ'ব ।