অসম

assam

Workers ESI Payment Case : ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ জয়াপ্ৰদাক ৬ মাহৰ কাৰাদণ্ড

By

Published : Aug 11, 2023, 7:58 PM IST

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা এগৰাকী অভিনেত্ৰী জয়াপ্ৰদাক এগম'ৰ আদালতে ৬ মাহৰ কাৰাদণ্ড প্ৰদান কৰে ।

Workers ESI Payment Case
Workers ESI Payment Case

নিউজ ডেস্ক, ১১ আগষ্ট : অভিনেত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ জয়াপ্ৰদাক চেন্নাইৰ এগম'ৰ আদালতে ৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে । তেওঁৰ কৰ্মচাৰীৰ আবেদন সন্দৰ্ভৰ এক গোচৰত এই শাস্তি বিহা হয় । ইয়াৰ পূৰ্বে জয়াপ্ৰদাৰ থিয়েটাৰ কৰ্মচাৰীৰ ইএছআইৰ ধন ৰাজ্যিক বীমা নিগমক পৰিশোধ নকৰাৰ এটা গোচৰ ৰুজু কৰা হৈছিল । বৰ্তমান প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে ৪ মাহৰ কাৰাদণ্ডৰ ৰায় দিয়া হৈছে ।

উল্লেখ্য যে জয়াপ্ৰদাই চেন্নাইৰ ৰাম কুমাৰ আৰু ৰাজ বাবুৰ সৈতে ৰাজ্যৰ ৰাজধানীৰ আন্না ছালাইত এখন থিয়েটাৰ চলাইছিল । এই থিয়েটাৰখন বৰ্তমান আৰু নাই । থিয়েটাৰখন ১০ বছৰতকৈও অধিক সময় ধৰি বন্ধ হৈ আছে । কিন্তু থিয়েটাৰত কাম কৰা কৰ্মচাৰীসকলৰ পৰা তেওঁ সংগ্ৰহ কৰা ইএছআইৰ ধন কৰ্মচাৰী ৰাজ্যিক বীমা নিগমক (ইএছআইচি) পৰিশোধ কৰা হোৱা নাছিল ।

এই সন্দৰ্ভত ইএছআইচিয়ে চেন্নাইৰ এগম'ৰ আদালতত এটা গোচৰ ৰুজু কৰিছিল । আনহাতে, এই গোচৰৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত জয়াপ্ৰদা আৰু অন্যান্যসকলে দাখিল কৰা তিনিখন আবেদন খাৰিজ কৰা হৈছিল ।

আনহাতে, গোচৰটো যেতিয়া এগম'ৰ আদালতৰ ন্যায়াধীশৰ সন্মুখত শুনানিৰ বাবে আহিছিল, তেতিয়া জয়াপ্ৰদাই কৈছিল যে তেওঁ কৰ্মচাৰীসকলৰ পৰা লাভ কৰা ধন পৰিশোধ কৰিব । কিন্তু ইএছআইচিৰ অধিবক্তাই ইয়াত আপত্তি কৰে । দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে জয়াপ্ৰদাকে ধৰি তিনিজনক ছয় মাহৰ কাৰাদণ্ড আৰু ৫,০০০ টকাৰ জৰিমনা বিহে ।

উল্লেখ্য যে অভিনেত্ৰী জয়াপ্ৰদা '৮০-ৰ দশকৰ এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল । কমল হাচান অভিনীত 'চালগাই অলি' চলচ্চিত্ৰখনে জয়াপ্ৰদাক অধিক জনপ্ৰিয় কৰি তুলিছিল । তেওঁ কলিউড, টলিউড আৰু বলীউড উদ্যোগত ৩০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে । তাৰ পিছত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে আৰু সাংসদ হিচাপেও সদনলৈ মনোনীত হয় ।

লগতে পঢ়ক :Chamba road accident : হিমাচলত শোকাৱহ পথ দুৰ্ঘটনা, ৬ আৰক্ষীসহ ৭ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details