নেচনেল ডেস্ক, 29 ডিচেম্বৰ:স্বাস্থ্যজনিত কাৰণত ৰাজনৈতিক দল গঠন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে ৷ মঙলবাৰে অভিনেতা গৰাকীয়ে এই কথা ঘোষণা কৰে ৷ দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে 2021 চনৰ তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজাববীয়াকৈ এটা ৰাজনৈতিক দলৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছিল ৷
উল্লেখ্য যে 25 ডিচেম্বৰত হায়দৰাবাদৰ এপল' চিকিৎসালয়ত থলাইভা খ্যাত চুপাৰষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এপল' চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৰক্তচাপৰ তাৰতম্য হোৱাৰ ফলতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত থকাৰ সময়তে ৰক্তচাপৰ তাৰতম্য হোৱাৰ ফলত 25 ডিচেম্বৰৰ ৰাতিপুৱা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷