নিউজ ডেস্ক, 24 ডিচেম্বৰ: ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই শনিবাৰে দেশৰ ৰাজধানী দিল্লীত উপস্থিত হয় । তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা ১০৮ দিন পূৰ্বে আৰম্ভ হোৱা এই যাত্ৰা কাশ্মীৰত সমাপ্ত হ'ব । কংগ্ৰেছ নেতাগৰাকীয়ে এই যাত্ৰাৰ সময়ত চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ পৰাও যথেষ্ট সমৰ্থন লাভ কৰিছে(Celebs Join Bharat Jodo Yatra) । অভিনেতা পূজা ভাট, স্বৰা ভাস্কৰ, টিভি অভিনেতা সুশান্ত সিঙৰ পাছত এইবাৰ চলচ্চিত্ৰ অভিনেতা তথা দক্ষিণৰ চুপাৰষ্টাৰ কামাল হাছানে ভাৰত জোড়ো যাত্ৰাত সমৰ্থন আগবঢ়াইছে(Huge support for Bharat Jodo Yatra in Delhi ) ৷
ভাৰত জোড়ো যাত্ৰা শনিবাৰে দিল্লীত উপস্থিত হোৱাৰ সময়ত দক্ষিণৰ চুপাৰষ্টাৰ কামাল হাছানক ৰাহুল গান্ধীৰ লগত এই যাত্ৰাত খোজকাঢ়ি যোৱা দেখা গৈছিল(Actor Kamal Haasan joins Bharat Jodo Yatra) । কামাল হাছানে ৰাহুল গান্ধীৰ সৈতে লালকিল্লালৈ খোজকাঢ়ি গৈ মঞ্চৰ পৰা জনতাক সম্বোধন কৰিছিল । দক্ষিণৰ চুপাৰষ্টাৰগৰাকীয়ে কোনো মিত্ৰতাৰ উদ্দেশ্যৰে নহয়, ৰাহুল গান্ধীৰ উদ্দেশ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈহে এই ভাৰত জোড়ো যাত্ৰাত সমৰ্থন দিবলৈ আগবাঢ়ি অহাৰ কথা সদৰী কৰে ৷
তেওঁ এজন ভাৰতীয় হোৱাৰ বাবে তেওঁৰ কৰ্তব্য পালন কৰিবলৈ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহাৰ কথা জানিবলৈ দিয়ে ৷ কামাল হাছানে লালকিল্লাৰ মঞ্চৰ পৰা ভাষণ দিয়াৰ সময়ত এই যাত্ৰাত ৰাহুল গান্ধীৰ উপৰিও কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি অনিল চৌধুৰী, জয়ৰাম ৰমেশৰ লগতে অন্যান্য জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল । আনহাতে কংগ্ৰেছৰ সমৰ্থকসকলে সেই সময়ত লালকিল্লাৰ পিছফালৰ প্ৰাচীৰৰ পৰা ত্ৰিৰংগা উৰুৱাই আছিল ।