অসম

assam

COVID-১৯: ভাৰতত নতুনকৈ ৩২,৯৮১ জন আক্ৰান্ত

By

Published : Dec 7, 2020, 1:24 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, ৭ ডিচেম্বৰলৈকে ভাৰতত COVID-১৯ত আক্ৰান্ত হৈছে ৯৬,৭৭,২০৩ জন । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি, ৬ ডিচেম্বৰলৈকে দেশত ১৪,৭৭,৮৭,৬৫৬ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ৯৬,৭৭,২০৩ জন
ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ৯৬,৭৭,২০৩ জন

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: অতিমাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে দেশৰ ভিন্ন প্ৰান্তত । সোমবাৰে ভাৰতত মহামাৰীত আক্ৰান্তৰ সংখ্যা ৯৬.৭৭ লাখলৈ বৃদ্ধি পায় । আনহাতে, আৰোগ্যৰ হাৰ ৯৪.৪৫ শতাংশ হৈছেগৈ । মাত্ৰ এটা দিনত ভাৰতত ৩২,৯৮১ জন COVID-১৯ত আক্ৰান্ত হৈছে । নতুনকৈ আক্ৰান্ত হোৱা এইসকল ৰোগীসহ এতিয়ালৈকে ভাৰতত ৯৬,৭৭,২০৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা ৮ বজাত প্ৰকাশিত তথ্য মতে, নতুনকৈ প্ৰাণ হেৰুওৱা ৩৯১ জন লোকসহ দেশত ১,৪০,৫৭৩ জনৰ মহামাৰীৰ কবলত পৰি মৃত্যু হৈছে ।

দেশত সক্ৰিয় সংক্ৰমণৰ ঘটনা ৪ লাখতকৈ হ্ৰাস পাইছে আৰু বৰ্তমান ৩,৯৬,৭২৯টা সক্ৰিয় ঘটনা আছে । সমান্তৰলাকৈ চিকিত্সকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠিছে ৯১,৩৯,৯০১ গৰাকী লোক । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ সোমবাৰে ৯৪.৪৫ শতাংশলৈ বৃদ্ধি কৰে । উল্লেখ্য যে, COVID-১৯ত আক্ৰান্তৰ সংখ্যা যোৱা ৭ আগষ্টত আছিল ২০ লাখ, ১৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১১ অক্টোবৰত ৭০ লাখ আৰু ২০ নৱেম্বৰত ৯০ লাখ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি, ৬ ডিচেম্বৰত পৰীক্ষা কৰা ৮,০১,০৮১ নমুনাসহ দেশত এতিয়ালৈকে ১৪,৭৭,৮৭,৬৫৬ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

মহামাৰীত আক্ৰান্ত হৈ নতুনকৈ মৃত্যু হোৱা ৩৯১ জন লোকৰ ভিতৰত আছে দিল্লীৰ ৬৯ জন, পশ্চিমবংগৰ ৪৬ জন, মহাৰাষ্ট্ৰৰ ৪০ জন, কেৰালাৰ ২৮ জন, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ ২৫ জনকৈ লোক । লগতে পঞ্জাৱৰ ২৬ জন লোকে মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । এতিয়ালৈকে দেশত মৃত্যু হোৱা মুঠ ১,৪০,৫৭৩ জন লোকৰ ভিতৰত মহাৰাষ্ট্ৰত ৪৭,৭৩৪ জন, কৰ্ণাটকত ১১,৮৫৬ জন, তামিলনাডুত ১১,৭৯৩ জন, দিল্লীত ৯,৬৪৬ জন, উত্তৰ প্ৰদেশত ৭,৯২৪ জন, অন্ধ্ৰ প্ৰদেশত ৭,০৩৩ জন, পঞ্জাৱত ৪,৯১৬ জন, গুজৰাটত ৪,০৮১ জন আৰু মধ্য প্ৰদেশত ৩,৩৩৭ জন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰে আলোচনাৰ অন্তত কৃষি আইন সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত

ABOUT THE AUTHOR

...view details