নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ হাপুৰত পুনৰ এচিড আক্ৰমণৰ বলি যুৱতী ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই যুৱতী গৰাকীলৈ লক্ষ্য কৰি এচিড দলিয়ায় ৷
যুৱতী গৰাকীক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে মিৰাটলৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি যুৱতী গৰাকী সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷