অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাই প্লাষ্টিক ব্যৱহাৰৰ বিকল্প গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে : প্ৰধানমন্ত্ৰী মোডী - Covid vaccination drive in Tripura

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ত্ৰিপুৰা (PM Modi visited Tripura) ভ্ৰমণ কৰে ৷ মোডীয়ে জনসাধাৰণক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত ত্ৰিপুৰাই দেশক Single use প্লাষ্টিকৰ বিকল্প প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰে ৷

According to PM Modi Tripura can play important role in giving an alternative to single use plastic
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ত্ৰিপুৰা ভ্ৰমণ

By

Published : Jan 5, 2022, 9:11 AM IST

আগৰতলা, 5 জানুৱাৰী :মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ দুখনকৈ ৰাজ্য পৰিভ্ৰমণ কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৷ পোনপ্ৰথমে মণিপুৰৰ জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে পৰৱৰ্তী সময়ত উপস্থিত হয় ত্ৰিপুৰাত (PM Modi visited Tripura) ৷ আগৰতলাত এক অনুষ্ঠান উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "দেশক Single use প্লাষ্টিকৰ বিকল্প দিয়াত ত্ৰিপুৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে" ৷

ইয়াত তৈয়াৰ কৰা বাঁহৰ ঝাড়ু, বাঁহৰ বটলৰ দৰে সামগ্ৰীৰ বাবে দেশত ইতিমধ্যে এক সুকীয়া বজাৰ সৃষ্টি কৰা হৈছে ৷ তদুপৰি এই উদ্যোগৰ সৈতে জড়িত সহস্ৰাধিক লোকে বাঁহৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে ৷ ইয়াৰ সমান্তৰালকৈ ত্ৰিপুৰাই জৈৱিক খেতি কৰি উৎপাদন কৰা ফচলৰ বাবে ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে, কল্যাণকামী আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ অভিলেখৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে "মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা" আৰম্ভ কৰাৰ বাবে ৰাজ্যখনক প্ৰশংসা কৰে ৷ এই আঁচনিৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী পূৰণ কৰা, যিটো তেওঁ লালকিল্লাৰ পৰা স্পষ্টভাৱে প্ৰকাশ কৰিছিল ৷

"এই আঁচনিয়ে প্ৰতিটো পৰিয়াল, গৃহ, আয়ুষ্মান ভাৰত আঁচনিকে ধৰি বহুকেইখন আঁচনিৰ সফল ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ যাৰ ফলত চৰকাৰৰ ওপৰত গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আস্থা বৃদ্ধি পাব ৷ নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে ৷ এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ১.৮ লাখ পৰিয়ালে পকী ঘৰ লাভ কৰিছে ৷ যাৰ ভিতৰত ৫০ হাজাৰ ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাত উন্নত ভাৰত গঢ়াত সহায় কৰা যুৱচামক দক্ষতা প্ৰদানত সহায়ক হোৱাৰ অৰ্থে দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰা হৈছে বুলি সদৰী কৰে ৷ যিয়ে থলুৱা ভাষা শিকাৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰে ৷

ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকলে মিছন-১০০ (Mission 100 in Tripura) আৰু 'বিদ্যা জ্যোতি' নামৰ দুখনকৈ কল্যাণকামী আঁচনি শীঘ্ৰে লাভ কৰিব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে এই সভাতে ঘোষণা কৰে ৷

তদুপৰি ৰাজ্যখনত ক’ভিড ভেকচিন (Covid vaccination drive in Tripura) ৰ প্ৰসংগ উত্থাপন কৰি মোডীয়ে কয় যে, ত্ৰিপুৰাত ৮০ শতাংশ লোকে ক’ভিড ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে আৰু ৬৫ শতাংশই দুয়োটা পালি লাভ কৰিছে ৷ তেওঁ আশা ব্যক্ত কৰে যে, সমান্তৰালভাৱে ত্ৰিপুৰাই শীঘ্ৰেই ১৫-১৮ বছৰ বয়সৰ লোকসকলক সম্পূৰ্ণৰূপে টীকাকৰণৰ লক্ষ্যত উপনীত হ’ব ৷

লগতে চাওক:প্ৰধানমন্ত্ৰীৰ মুখত কেৱল বিপ্লৱ : কিয় বিপ্লৱৰ প্ৰশংসাত পঞ্চমুখ হৈছে প্ৰধানমন্ত্ৰী ?

ABOUT THE AUTHOR

...view details