অসম

assam

By

Published : Jun 30, 2021, 1:16 PM IST

ETV Bharat / bharat

৭৯৮ গৰাকী চিকিৎসকৰ প্ৰাণ কাঢ়িলে ক'ভিডে: আই এম এ

নিজৰ জীৱন তুচ্ছ কৰি প্ৰতি দিনে ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াইছে চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীয়ে । ক্লান্ত হৈ পৰিছে বহুজন । দিনে-নিশাই ৰোগীক সেৱা আগবঢ়াই নিজেও মহামাৰীৰ কবলত পৰিছে ক'ভিড যোদ্ধা । ইণ্ডিয়ান মেডিকেল এছ'চিয়েছন(IMA)ৰ মতে, ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ ফলত এতিয়ালৈকে দেশৰ ৭৯৮ গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ ভিতৰত দিল্লীত আটাইতকৈ বেছি চিকিৎসকৰ মৃত্যু হৈছে ।

According to IMA,798 doctors died during second wave of COVID19 in India
ক'ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে দেশৰ ৭৯৮ গৰাকী চিকিৎসকে

নেশ্যনেল ডেস্ক, ৩০ জুন: দেশত প্ৰতি দিনে এজনৰ পাছত আনজন ক'ভিড যোদ্ধা ক'ভিড-১৯ত আক্ৰান্ত হৈছে । ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন (IMA)ৰ তথ্য অনুসৰি, মহামাৰীৰ কবলত পৰি এতিয়ালৈকে দেশৰ ৭৯৮ গৰাকী চিকিৎসকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত দিল্লীত ১২৮ গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে । বিহাৰত ১১৫ জন, উত্তৰ প্ৰদেশত ৭৯ জনৰ মৃত্যু হৈছে ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ ফলত ।

ক'ভিড-১৯ৰ ডেল্টা প্লাছ (Delta Plus)ৰ সংক্ৰমণ আৰম্ভ হোৱা মহাৰাষ্ট্ৰ আৰু কেৰালাতো চিকিৎসকৰ মৃত্যু হৈছে । মহাৰাষ্ট্ৰত ২৩ জন আৰু কেৰালাত ২৪ চিকিৎসকৰ মৃত্যু হৈছে বুলি তথ্য প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন (Indian Medical Association) । পণ্ডিচেৰীত আটাইতকৈ কম চিকিৎসকৰ মৃত্যু হৈছে । ৰাজ্যখনত কেৱল এজন চিকিৎসকে প্ৰাণ হেৰুৱাইছে ।

দেওবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) মহামাৰীৰ সময়ত মানুহক সেৱা আগবঢ়োৱাৰ বাবে চিকিৎসকসকলক প্ৰশংসা কৰাৰ কেইঘণ্টামান পিছতে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন (Indian Medical Association) সভাপতি ড০ জে এ জয়লালে কয় যে, প্ৰধানমন্ত্ৰীয়ে চিকিৎসকসকলক সন্মান আৰু সুৰক্ষা প্ৰদানৰ আশ্বাস দিছে ।

চিকিৎসকসকলৰ অৱদান প্ৰতি সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ১ জুলাইত দেশত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (National Doctor's Day) উদযাপন কৰা হয় । ১৯৯১ চনৰ জুলাই মাহত দেশত প্ৰথম ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হৈছিল । ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন (IMA) সভাপতিগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে টীকাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । তেওঁ লগতে কয় যে, চিকিৎসক বি চি ৰয়ৰ সোঁৱৰণত চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হ'ব । প্ৰধানমন্ত্ৰী মোডীয়ে চিকিৎসক দিৱসৰ উপলক্ষে চিকিৎসকক শুভেচ্ছা জনাইছে বাবে তেওঁলোক আনন্দিত জানিবলৈ দিয়ে ড০ জে এ জয়লালে ।

যোৱা ২৫ জুনত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (IMA) জনাইছিল যে, ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ ফলত দেশত মুঠ ৭৭৬ গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে বিহাৰত ১১৫ জনৰ, দিল্লীত ১০৯ জনৰ, উত্তৰ প্ৰদেশত ৭৯ জনৰ, পশ্চিমবংগত ৬২ জনৰ, ৰাজস্থানত ৪৪ জনৰ, ঝাৰখণ্ডত ৩৯ জনৰ আৰু অন্ধ্ৰ প্ৰদেশত ৪০ জনৰ চিকিৎসকৰ মৃত্যু হৈছিল । বৰ্তমান দিল্লীত চিকিৎসকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে । আনহাতে, মঙলবাৰে ভাৰতত নতুনকৈ ৩৭,৫৬৬ জন লোক মহামাৰীত আক্ৰান্ত হৈছে ।

১০২ দিনৰ ভিতৰত প্ৰথমবাৰৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰতকৈ হ্ৰাস পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে । বৰ্তমানলৈকে দেশত ৩,০৩,১৬,৮৯৭ জন লোক আক্ৰান্ত হৈছে ক'ভিডত । এতিয়ালৈকে দেশত ২,৯৩,৬৬,৬০১ জন লোক আৰোগ্য হৈ উঠিছে আৰু বৰ্তমান দেশত ৫,৫২,৬৫৯ জন সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক:ইতিহাসৰ সাক্ষ্য বহন কৰি থকা থডোদৰ বট বৃক্ষ সুৰক্ষিত হ'ব নে ?

ABOUT THE AUTHOR

...view details