ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, প্ৰথমবাৰৰ বাবে ক’ভিড-19 ত আক্ৰান্ত হোৱা ভাইৰাছৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ দেহত এমাহ নতুবা সপ্তাহজোৰা জ্বৰ-কাহৰ লক্ষণে দেখা দিলে সেয়াই দীৰ্ঘদিনীয়া ক’ভিড-19 ক সূচায় ৷ দীৰ্ঘদিনীয়া ক’ভিড যিকোনো ব্যক্তিৰে হ’ব পাৰে ৷ ক’ভিড-19 ত ইতিমধ্যেই আক্ৰান্ত হৈ সুস্থ হৈ উঠা ব্যক্তিও পুনৰ দীৰ্ঘদিনীয়া ক’ভিড-19 ৰ স্বীকাৰ হ’ব পাৰে, সাধাৰণ জ্বৰ-কাহে অথবা একো ধৰণৰ লক্ষণ দেখা নাপালেও এই ভাইৰাছে সংক্ৰমণ কৰিব পাৰে ৷
ক’ভিড-19 ৰ 50 টাতকৈয়ো অধিক দীৰ্ঘম্যাদী প্ৰভাৱ চিনাক্ত কৰা হৈছে ৷ কিন্তু চাৰিৰ পৰা বাৰ সপ্তাহলৈকে ক’ভিড-19 ত আক্ৰান্ত হৈ থকাসকলে সদৰী কৰা সঘনাই হোৱা ভাইৰাছবিধৰ লক্ষণ কেইটা হৈছে মূৰ কামোৰণি, ভাগৰ লগা, টোপনি পূৰ নোহোৱা, একাগ্ৰতাৰ অভাৱ আৰু পেট বিষ ৷
অধ্যয়নত প্ৰকাশ পাইছে যে, SARS-CoV-2 আক্ৰান্ত সাতটা শিশুৰ ভিতৰত এটা শিশু আৰু কিশোৰ তিনিমাহৰ পিছতো ভাইৰাছৰ সংস্পৰ্শলৈ আহিব পাৰে ৷ কিন্তু এতিয়া দীৰ্ঘদিনীয়া ক’ভিড-19 ক অ’মিক্ৰণৰ সৈতে বিশেষ গুৰুত্ব দিয়া হোৱা নাই ৷ পৰ্যাপ্ত খবৰৰ অভাৱো ইয়াৰ কাৰণ হ’ব পাৰে ৷
মুম্বাইৰ P.D Hinduja Hospital & MRC ৰ Consultant Pulmonologist আৰু Epidemiologist Lancelot Pinto এ কৈছে যে, শেহতীয়াকৈ আৱিষ্কাৰ হোৱা ক’ভিড-19 ৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ বিষয়ে এতিয়াই জনাটো যথেষ্ট সোনকাল বুলি ক’ব পাৰি ৷ কিন্তু সাংঘাতিক ভাগৰ আৰু মায়েলজিয়াক এই বেমাৰৰ প্ৰধান কাৰক হিচাপে গণ্য কৰিব পাৰি ৷ ব্যক্তিসকলৰ ক্ষেত্ৰত ভাগে ভাগে দীৰ্ঘদিনীয়া ক’ভিড-19 ৰ লক্ষণেও দেখা দিব পাৰে ৷
বেমাৰৰ প্ৰভাৱ মৃদু হ’লেও ইয়াক আলফা আৰু ডেল্টাতকৈ কোনো গুণে কম বুলি ক’ব নোৱাৰি ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত US infectious disease expert Anthony Fauci এ কৈছে যে সাধাৰণ জ্বৰ হৈ অ’মিক্ৰণত আক্ৰান্ত হোৱা লোকসকল দীৰ্ঘদিনীয়া ক’ভিড-19 ত ভূগিব পাৰে ৷
"ভাইৰাছৰ প্ৰকাৰ যিয়েই নহওঁক কিয় দীৰ্ঘদিনীয়া ক’ভিড-19 সকলোৰে হ'ব পাৰে ৷ ডেল্টা, বিটা আৰু এতিয়া অ’মিক্ৰণৰ মাজত পাৰ্থক্য থকাৰ কোনো প্ৰমাণ নাই," Anthony Fauci এ কয় ।